Class 9 Science NCERT Textbook – Page 47
1. কেনেল
ৰশ্মি কি?
উত্তৰঃ 1886 চনত ই গ’ল্ডষ্টেইনে বিশেষ ধৰণৰ ৰন্ধ্ৰবিশিষ্ট কেথ’ড ব্যৱহাৰ
কৰি বিদ্যুত মোক্ষণ নলীৰ পৰীক্ষাটো নতুন বিকিৰণৰ উপস্তিতি ধৰা পেলাইছিল আৰু ইয়াক কেনেল ৰশ্মি বোলা
হয় ।
2. পৰমাণু
এটাত এটা প্ৰ’টন আৰু এটা ইলেট্ৰ’ন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে ?
উত্তৰঃ ইলেট্ৰ’ন আৰু প্ৰ’টনৰ আধানৰ মান সমান ।যদিও ইহঁত বিপৰীত
আধানযুক্ত কণিকা । গতিকে, এটা ইলেট্ৰ’ন
আৰু প্ৰ’টনযুক্ত পৰমাণুত আধান নাথাকিব ।
Class 9 Science NCERT
Textbook – Page 49
1. থমছনৰ
পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা ।
উত্তৰঃ থমছনৰ পৰমাণুৰ আৰ্হিত প্ৰ’টনৰ
উপস্তিতিৰ বাবে পৰমাণু এটাত থকা ধনাত্মক আধানৰ মান, ইলেট্ৰ’নৰ উপস্তিতিৰ বাবে সৃষ্টি হোৱা ঋণাত্মক আধানৰ মানৰ সমান হয় । সেয়ে,
পৰমাণু এটা সামগ্ৰিকভাৱে প্ৰশম বা উদাসীন হয় ।
2. ৰাডাৰফ’ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপ-পাৰমাণৱিক কণা থাকে
।
উত্তৰঃ ৰাডাৰফ’ৰ্ডৰ পাৰমাণৱিক আৰ্হি
মতে পৰমাণুৰ নিউক্লিয়াছত প্ৰ’টন থাকে ।
3. তিনিটা
শ্বেলৰে সৈতে ব’ৰৰ পৰমাণুৰ আৰ্হিৰ এটা চিত্ৰ অংকণ
কৰা ।
উত্তৰঃ

উত্তৰঃ a – কণা বিচ্ছুৰণ পৰীক্ষাটো সম্পন্ন কৰিবলৈ
অতি কম বেধৰ পাতৰ প্ৰয়োজন হয় ।
অন্য ধাতু সোণৰ দৰে ঘাত সহনীয় নহয় বাবে এনে পাত আহৰণ কৰাটো
কঠিন হ’ব । যদি অধিক বেধবিশিষ্ট পাত ব্যৱহাৰ কৰা হয় তেন্তে a
– কণাই প্ৰত্যাৱৰ্তন কৰিব যাৰ ফলত অন্য পৰ্যবেক্ষনহে পোৱা যাব ।
ৰাডাৰফ’ৰ্ডে ব্যৱহাৰ কৰা সোণৰ পাতখন 1000 পৰমাণুৰ থাক এটাৰ সমান ডাঠ আছিল ।
1. পৰমাণুৰ
তিনিটা উপ-পাৰমাণৱিক কণাৰ নাম লিখা ।
উত্তৰঃ পৰমাণুৰ তিনিটা উপ-পাৰমাণৱিক কণা হৈছে ইলেট্ৰ’ন, প্ৰ’টন আৰু নিউট্ৰন ।
2. হিলিয়াম
পৰমাণুৰ পাৰমাণৱিক ভৰ 4u আৰু ইয়াৰ নিউক্লিয়াছত
দুটা প্ৰ’টন আছে । ইয়াত কিমানটা নিউট্ৰন থাকিব ?
উত্তৰঃ
হিলিয়াম পৰমাণুৰ
পাৰমাণৱিক ভৰ = 4u
ভৰ সংখ্যা = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা
∴
নিউট্ৰনৰ সংখ্যা = ভৰ সংখ্যা - প্ৰ’টনৰ সংখ্যা
= 4 – 2
= 2
গতিকে,
হিলিয়াম পৰমাণুত 2 টা নিউট্ৰন থাকে ।
Class 9 Science NCERT Textbook – Page 50
1. কাৰ্বন
আৰু ছডিয়াম পৰমাণুত ইলেকট্ৰনৰ বিতৰণ দ্খুোওৱা ।
উত্তৰঃ
কাৰ্বনৰ
পাৰমাণৱিক সংখ্যা = 6
∴
ইলেকট্ৰনৰ সংখ্যা = 6
= K- কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা = 2
= L- কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা = 4
গতিকে,
কাৰ্বন পৰমাণুত ইলেকট্ৰ’নৰ বিতৰণ 2,4
ছ’ডিয়ামৰ পাৰমাণৱিক সংখ্যা
= 11
∴
ইলেকট্ৰ’নৰ সংখ্যা = 11
K - কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা = 2
L - কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা = 8
M - কক্ষপথৰ ইলেকট্ৰ’নৰ সংখ্যা = 1
গতিকে, ছ’ডিয়ামৰ পৰমাণুত
ইলেকট্ৰ’নৰ বিতৰণ 2,8,1
2. পৰমাণু
এটা K
আৰু L শ্বেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোত
ইলেকট্ৰ’নৰ মূঠ সংখ্যা কিমান হ’ব ?
উত্তৰঃ
K কক্ষপথত (n = 1) ইলেকট্ৰ’নৰ সংখ্যা (n = 1) = 2n2 = 2 × 12 = 2 × 1 = 2
L কক্ষপথত (n = 2) ইলেকট্ৰ’নৰ সংখ্যা (n = 2) = 2 × 22 = 2 × 4
= 8
গতিকে, ছ’ডিয়ামটোত মূঠ ইলেকট্ৰ’নৰ সংখ্যা = 2 + 8 = 10
Class 9 Science NCERT Textbook – Page 52
1. ক্ল’ৰিন, ছালফাৰ আৰু মেগনেছিয়াম যোজ্যতা কেনেদৰে পাবা ?
উত্তৰঃ
ক্ল’ৰিনঃ
ক্ল’ৰিনৰ পাৰমণৱিক সংখ্যা 17 । ইয়াৰ ইলেকট্ৰ’নীয় বিন্যাস 2,8,7 । ইয়াৰ 7 টা যোজক ইলেকট্ৰ’ন থাকে । গতিকে, অষ্টক নিয়ম অনুসৰি ইয়াক 8-7
= 1 টা ইলেকট্ৰ’ন প্ৰয়োজন হয় । গতিকে, ক্ল’ৰিনৰ যোজ্যতা
1 ।
ছালফাৰঃ ছালফাৰৰ পাৰমণৱিক
সংখ্যা 16 । ইয়াৰ
ইলেকট্ৰ’নীয় বিন্যাস 2,8,6 । ইয়াৰ 6 টা যোজক ইলেকট্ৰ’ন থাকে । গতিকে, অষ্টক নিয়ম অনুসৰি ইয়াক 8-6
= 2 টা ইলেকট্ৰ’ন প্ৰয়োজন হয় । গতিকে, ছালফাৰৰ যোজ্যতা 2 ।
মেগনেছিয়ামঃ
মেগনেছিয়ামৰ পাৰমণৱিক সংখ্যা 12 । ইয়াৰ ইলেকট্ৰ’নীয় বিন্যাস 2,8,2 । ইয়াৰ 2 টা যোজক ইলেকট্ৰ’ন ত্যাগ কৰিব পাৰে ।গতিকে, মেগনেছিয়ামৰ যোজ্যতা 2 ।
Class 9 Science NCERT Textbook – Page 52
1. যদি
পৰমাণু এটাত ইলেকট্ৰ’নৰ সংখ্যা 8 আৰু প্ৰ’টনৰ সংখ্যাও 8 হয়
তেন্তে
(i)
পুৰমাণুটোৰ পৰমাণৱিক
সংখ্যা কি হ’ব ? আৰু
(ii)
পুৰমাণুটোৰ আধান
কিমান হ’ব ?
উত্তৰঃ
(i)
পুৰমাণুটোৰ পৰমাণৱিক
সংখ্যা = প্ৰ’টনৰ সংখ্যা = 8
(ii)
যিহেতু ইলেকট্ৰ’নৰ সংখ্যা আৰু প্ৰ’টনৰ সংখ্যা সমান, গতিকে পৰমাণুটোৰ আধান শূণ্য ।
1. চিহ্ন
H,
D আৰু T ত প্ৰতিটোতে পোৱা অৱ-পাৰমাৱিক কণাবোৰ
তালিকাভূক্ত কৰা।
উত্তৰঃ
2. একোযোৰকৈ সমস্থানিক আৰু সমভাৰীৰ ইলেক্ট্ৰ’নীয় বিন্যাস লিখা।
উত্তৰঃ সমস্থানিকঃ ক্ল’ৰিনৰ সমস্থানিক দুটা হৈছে 3517 Cl আৰু 3717 Cl । ইহঁতৰ ইলেক্ট্ৰ’নীয় বিন্যাস হৈছে 2, 8, 7
4018Ar
ৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2, 8, 8
4020Ca
ৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2, 8, 8, 2
অণুশীলনীঃ
1. ইলেক্ট্ৰ'ন, প্ৰ'টন আৰু নিউট্ৰনৰ
ধৰ্মসমূহ তুলনা কৰা ।
উত্তৰঃ ইলেক্ট্ৰ'ন, প্ৰ'টন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তলৰ তালিকাত তুলনা কৰা হ'ল-
উত্তৰঃ জে জে থমছনৰ পৰমাণুৰ আৰ্হি অনুসৰি এটা ধনাত্মকভাৱে
আৰ্হিত একোটা গোলক য'ত ইলেক্ট্ৰ'নবোৰ সোমাই থাকে । অন্যাৰ্থত,
পৰমাণুৰ ইলেক্ট্ৰ'ন আৰু প্ৰ'টনবোৰ গোটেই পৰমাণুত সিঁচৰিত হৈ থাকে । অৱশ্যে পৰৱৰ্তী পৰ্যায়ত a- ৰাডাৰফ'ৰ্ডৰ কণা বিচ্ছুৰণ পৰীক্ষাটোৰ দ্বাৰা সিন্ধান্ত গ্ৰহণ কৰা হৈছিল যে
পৰমাণুৰ ভৰ আৰু ধনাত্মক আধান পৰমাণুৰ কেন্দ্ৰত অৱস্থিত নিউক্লিয়াছ বুলি কোৱা এক
ক্ষুদ্ৰ স্থানত কেন্দ্ৰীভূত হৈ থাকে । গতিকে থমছনৰ পৰমাণুৰ আৰ্হিয়ে অন্য
বিজ্ঞানীয়ে কৰা পৰীক্ষাসমূহৰ ফলাফল ব্যাখ্যা কৰিব পৰা নাছিল ।
3. ৰাডাৰফ'ৰ্ডৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি কি?
উত্তৰঃ ৰাডাৰফ'ৰ্ডৰ পৰমাণুৰ আৰ্হিত
ধাৰণা কৰা হৈছিল যে পৰমাণুৰ ভিতৰত নিচেই ক্ষুদ্ৰ নিউক্লিয়াছ এটা থাকে আৰু এই
নিউক্লিয়াছটোৰ চাৰিওফালে ইলেক্ট্ৰ'নবোৰ ঘূৰি থাকে । এই আৰ্হিৰ দ্বাৰা পৰমাণু সুস্থিৰতা ব্যাখ্যা কৰিব পৰা
নগৈছিল ।
4. ব'ৰৰ পৰমাণুৰ আৰ্হিটো বৰ্ণনা কৰা ।
উত্তৰঃ ব'ৰৰ পৰমাণু আৰ্হি—
(i)
পৰমাণু এটাৰ কেন্দ্ৰত
ইলেক্ট্ৰ’নৰ দ্বাৰা পৰিবেষ্টিত ধনাত্মক আধানযুক্ত এটা ভৰসম্পন্ন সৰু নিউক্লিয়াছ
থাকে । পৰমাণুটোৰ
সমগ্ৰ ভৰ নিউক্লিয়াছত থুপ খাই থাকে ।
(ii)
ইলেক্ট্ৰ’নবোৰ নিউক্লিয়াছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট নিৰ্বাচনত বৃত্তকাৰ
কক্ষপথেৰে ঘূৰে । এই কক্ষপথক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বোলা হয় ।
(iii)
এই কক্ষপথবোৰত
নিৰ্দিষ্ট পৰিমাণুৰ শক্তি নিহিত হৈ আছে । এই শক্তিস্তৰবোৰক 1,2,3,4
.... K,L,M,N ৰ দ্বাৰা সূচোৱা হয় ।
(iv)
ইলেক্ট্ৰ’ন এটা যেতিয়ালৈকে এটা সুনিৰ্দিষ্ট কক্ষপথত থাকে, ই
শক্তি হেৰুৱাব বা লাভ কৰিব নোৱাৰে, আন কথাত, এটা সুনিৰ্দিষ্ট শক্তিস্তৰত থকা ইলেক্ট্ৰ’নৰ শক্তি
স্থিৰ অৱস্থাত থাকে । সেইবাবে এই
কক্ষপথসমূহক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বুলিও কোৱা হয় ।
(v)
ইলেক্ট্ৰ’নবোৰ
আটা কক্ষপথৰ পৰা আন এটা কক্ষপথলৈ জঁপিয়ালেহে শক্তিৰ বিকিৰণ বা অৱশোষণ হয় । বিকিৰত
বা অৱশোষিত শক্তিৰ পৰিমাণ, উচ্চ বা নিম্ন শক্তিস্তৰৰ শক্তিৰ
পাৰ্থক্যৰ সমান ।
5. এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি
কেইটা তুলনা কৰা ।
উত্তৰঃ এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা, যেনে থমছনৰ আৰ্হি, ৰাডাফৰ’ৰ্ডৰ
আৰ্হি, আৰু ব’ৰৰ আৰ্হিৰ তুলনাঃ
থমছনৰ আৰ্হিঃ
(i)
পৰমাণুৰ ধনাত্মক আৰু
ঋণাত্মক আধানৰ মান সমান । গতিকে, পৰমাণু এটা
বৈদ্যুতিকভাৱে উদাসীন ।
(ii)
পৰমাণু হৈছে ধনাত্মক
আধানযুক্ত এটা সুষম গোলক য’ত ঋণাত্মক আধানযুক্ত
ইলেক্ট্ৰ”ণবোৰ সংলগ্ন হৈ থাকে ।
ৰাডাৰফ’ৰ্ডৰ আৰ্হিঃ
(i)
পৰমাণু এটাৰ সমগ্ৰ ভৰ
আৰু ধণাত্মক আধান কেন্দ্ৰস্থ অতি সৰু অঞ্চল এটাত থুপ খাই থাকে আৰু ইয়াক নিউক্লিয়াছ
বুলি কোৱা হয় । পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰ অতিশয় ক্ষুদ্ৰ ।
(ii)
ইলেক্ট্ৰ’নবোৰে নিউক্লিযাছৰ চাৰিওফালে নিৰ্দিষ্ট বৃত্তাকাৰ পথত তীব্ৰ গতিৰে ঘূৰি
থাকে ।
(iii)
পৰমাণু এটাৰ
নিউক্লিয়াছ আৰু ঘূৰ্ণীমান ইলেক্ট্ৰ’নৰ
মাজৰ বেচিভাগ ঠাই খালী থাকে ।
ব’ৰৰ আৰ্হিঃ
(i)
ইলেক্ট্ৰ’নবোৰে নিউক্লিযাছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট নিৰ্বাচিত বৃত্তাকাৰ
কক্ষপথেৰে ঘূৰি থাকে । এই কক্ষপথক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বোলা হয় ।
(ii)
এই কক্ষপথবোৰত
নিৰ্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ আছে ।
(iii)
ইলেক্ট্ৰ’ন এটা যেতিয়ালৈকে এটা সুনিৰ্দিষ্ট কক্ষপথত থাকে, ই
শক্তি হেৰুৱাব বা লাভ কৰিব নোৱাৰে, আন কথাত, এটা সুনিৰ্দিষ্ট শক্তিস্তৰত থকা ইলেক্ট্ৰ’নৰ শক্তি
স্থিৰ অৱস্থাত থাকে । সেইবাবে এই
কক্ষপথসমূহক স্থিৰ কক্ষপথ বা শক্তিস্তৰ বুলিও কোৱা হয় ।
6. প্ৰথম
ওঠৰটা মৌলৰ কৰাণে বিভিন্ন শ্বেলত ইলেক্ট্ৰন বণ্টনৰ নিয়মবোৰ সংক্ষেপে লিখা ।
উত্তৰঃ প্ৰথম ওঠৰটা মৌলৰ কৰাণে বিভিন্ন শ্বেলত ইলেক্ট্ৰন বণ্টনৰ নিয়মকেইটা
হ’ল-
(ব’ৰ-বুৰী আঁচনি)
(i)
প্ৰটিটো কক্ষপথত
থাকিব পৰা ইলেক্ট্ৰ’নৰ সৰ্বোচ্চ সংখ্যা 2n2 ইয়াত, n হ’ল কক্ষপথৰ সংখ্যা ।
(iii)
পৰৱৰ্তী উচ্চতৰ
কক্ষপথ পূৰ্ণ কৰিবলৈ আৰম্ভ কৰাৰ আগত কক্ষপথ একোটাত সম্পূৰ্ণ নিৰ্ধাৰিত ইলেক্ট্ৰ’ন থকাটো প্ৰয়োজনীয়। অৰ্থাৎ কক্ষপথবোৰ ক্ৰমশঃ ইহঁতৰ শক্তিক্ৰম অনুসৰি পূৰ্ণ
হয় ।
7 . ছিলিকন
আৰু অক্সিজেনক উদাহৰণ হিচাপে লৈ যোজ্যতাৰ সংজ্ঞা দিয়া ।
উত্তৰঃ
ছিলিকনৰ যোজ্যতাঃ
ছিলিকনৰ পাৰমাণৱিক সংখ্যা 14 । ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,8,4 । ইয়াৰ 4 টা যোজক ইলেক্ট্ৰ’ন থাকে । অকটেট গঠন লাভৰ বাবে ইয়াক চাৰিটা ইলেক্ট্ৰ’নৰ
প্ৰয়োজন । সেয়ে, ছিলিকন পৰমাণুৱে অন্য পৰমাণুৰ সৈতে চাৰিটা
যোজক ইলেক্ট্ৰ’নৰ ভাগ-বতৰা কৰে । গতিকে, ছিলিকনৰ যোজ্যতা 4 ।
অক্সিজেনৰ যোজ্যতাঃ
অক্সিজেনৰ পাৰমাণৱিক সংখ্যা
8 । ইয়াৰ
ইলেক্ট্ৰ’নীয় বিন্যাস 2.6 । ইয়াৰ 6 টা যোজক ইলেক্ট্ৰ’ন থাকে । অকটেট গঠন লাভৰ বাবে ইয়াক অন্য দুটা ইলেক্ট্ৰ’নৰ প্ৰয়োজন । গতিকে, অক্সিজেনৰ পৰমাণুৱে অন্য
পৰমাণুৰ পৰা দুটা ইলেক্ট্ৰ’ন গ্ৰহণ কৰে । গতিকে, অক্সিজেনৰ যোজ্যতা 2 ।
8. উদাহৰণৰে
সৈতে ব্য।খ্যা কৰা-
(i)
পাৰমাণৱিক সংখ্যা
(ii)
ভৰ সংখ্যা
(iii)
সমস্থানিক আৰু
(iv)
সমভাৰি
সমস্থানিকৰ যেকোনো দুটা ধৰ্ম লিখা ।
উত্তৰঃ
(i)
পাৰমাণৱিক সংখ্যাঃ
এটা মৌলৰ পৰমাণু এটাৰ
নিউক্লিয়াছত থকা প্ৰ’টনৰ মুঠ সংখ্যাক সেই মৌলটোৰ পাৰমাণৱিক
সংখ্যা বুলি কোৱা হয় ।
উদাহৰস্বৰুপে,
এটা অক্সিজেনৰ পৰমাণুৰ নিউক্লিয়াছত 8 টা প্ৰ”টন থাকে । গতিকে, অক্সিজেনৰ পৰামাণৱিক সংখ্যা 8 । একেবিধ মৌলৰ আটাইবোৰ পৰমাণুৰ পাৰমাণুৱিক সংখ্যা একে ।
(ii)
ভৰ সংখ্যা
পৰমাণু এটাৰ নিউক্লিয়াছত থকা নিউট্ৰন আৰু প্ৰ’টনৰ মুঠ সংখ্যাক ভৰসংখ্যা বুলি কোৱা হয় ।
উদাহৰণস্বৰুপে,
এটা অক্সিজেনৰ পৰমাণুৰ নিউক্লিয়াছত 8 টা প্ৰ’টন আৰু 8 টা নিউট্ৰন থাকে । গতিকে, অক্সিজেনৰ ভৰ সংখ্যা 16 (8 + 8 = 16)
(iii)
সমস্থানিক
একে পাৰমাণৱিক সংখ্যাবিশিষ্ট একেটা
মৌলৰ বিভিন্ন ভৰসংখ্যাবিশিষ্ট পৰমাণুসমূহক মৌলটোৰ সমস্থানিক বোলা হয় ।
অক্সিজেনৰ সমস্থানিক কেইটা হৈছে 16O,
178O আৰু 168O । প্ৰতিটো
সমস্থানিকৰ পৰামাণুৱিক সংখ্যা 8, কিন্ত
সমস্থামিককেইটাৰ ভৰসংখ্যা ক্ৰমে 16, 17 আৰু 18 ।
(iv)
সমভাৰি
ভিন ভিন পাৰমাণৱিক সংখ্যাবিশিষ্ট, কিন্ত
একে ভৰসংখ্যাৰ বিভিন্ন মৌলৰ পৰমাণুবোৰক সমভাৰী বুলি কোৱা হয় ।
উদাহৰণস্বৰুপে,
আৰ্গন (Ar) ৰ পাৰমাণৱিক ভৰ 18 আৰু কেলছিয়াম (Ca) ৰ পাৰমাণৱিক ভৰ 20 কিন্ত এই দুয়োটা মৌলৰে ভৰ সংখ্যা 40 ।
সমস্থানিকৰ যেকোনো দুটা ধৰ্ম হ’লঃ
(i)
ক’বাল্টৰ এটা সমস্থানিক কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয় ।
(ii) ইউৰেনিয়ামৰ এটা সমস্থানিক
নিউক্লীয় ৰিয়েক্টৰত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ।
9. Na+ ত সম্পূৰ্ণৰুপে পূৰ হৈ থকা K
আৰু L শ্বেল আছে । ব্যাখা কৰা ।
উত্তৰঃ ছ’ডিয়াম (Na) ৰ পাৰমাণৱিক সংখ্যা 11 । ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,8,1 । ৰাসায়নিক বিক্ৰিয়াত Na পৰমাণুৱে ইয়াৰ যোজক ইলেক্ট্ৰ’নটো দান কৰে আৰু ধনাত্মক আধানযুক্ত ছ’ডিয়াম আয়ন (Na+) ৰ পৰিণত হয় । গতিকে, Na+ আয়নৰ 10 টা ইলেক্ট্ৰ’ন থাকে আৰু ইয়াৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,8 । এনেদৰেল K শ্বেলত ইয়াৰ 2 ইলেক্ট্ৰ’ন থাকে, এয়াই K শ্বেলৰ সৰ্বধিক ক্ষমতা । L শ্বেলত 8টা ইলেক্ট্ৰ’ন থাকে, এয়া L শ্বেলৰ সৰ্বাধিক ক্ষমতা । গতিকে, Na+ ত K আৰু L শ্বেল সম্পূৰ্ণৰুপে পূৰ হৈ থাকে ।
10. যদি ব্ৰ’মিন পৰমাণু 7935Br (49.7%) আৰু 8135Br (50.3%) সমস্থানিকৰ ৰুপত থাকে তেন্তে তাৰ গড় পাৰমাণৱিক ভৰ কিমান হ’ব গণনা কৰা ।

গতিকে নমুনাটোত 16/( 8)X সমস্থামিকৰ শতকৰা পৰিমাণ 90% আৰু 168X সমস্থানিকৰ শতকৰা পৰিমাণ 100 – 90 = 10% ।
উত্তৰঃ যিহেতু Z য়ে পাৰমাণৱিক সংখ্যা
সূচায়, সেয়ে মৌলটোৰ পাৰমাণৱিক সংখ্যা 3
আৰু ইয়াৰ ই লেক্ট্ৰ’নীয় বিন্যাস 2,1 ।
যিহেতু যোজক ইলেক্ট্ৰ’নৰ সংখ্যা 1, সেয়ে মৌলটোৰ যোজ্যতা 1 ।
13. দুটা পৰমাণু X আৰু Y ৰ নিউক্লিয়াছৰ সংযুতি তলত দিয়া হৈছে ।
X
Y
প্ৰ’টন = 6 6
নিউট্ৰন = 6 8
X আৰু Y ৰ ভৰ সংখ্যা দিয়া । দুয়োটাৰ মাজৰ সম্পৰ্কটো কি?
উত্তৰঃ X ৰ ভৰ সংখ্যা = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ সংখ্যা = 6
+ 6 = 12
Y
ৰ ভৰ সংখ্যা = প্ৰ’টনৰ সংখ্যা + নিউট্ৰনৰ
সংখ্যা = 6 + 8 = 14
যিহেতু X আৰু Y
উভয়ৰে প্ৰ’টনৰ সংখ্যা সমান, সেয়ে সিহঁতৰ পাৰমাণৱিক সংখ্যা একে কিন্তু ভৰ সংখ্যা বিভিন্ন ।
গতিকে, X আৰু Y পৰমাণু দুটা
পৰস্পৰ সমস্থানিক ।
14. তলৰ শুদ্ধ উক্তিবোৰৰ ঠাইত T আৰু ভূলবোৰৰ ঠাইত F
লিখা ।
(a) জে জে থমছনে প্ৰস্তাৱ কৰিছিল যে পৰমাণুৰ নিউক্লিয়াছত কেৱল নিউক্লিয়ন থাকে
(b) ইলেক্ট্ৰন এটা আৰু প্ৰ’টন এটা লগ লাগি নিউট্ৰন এটা
গঠন হয় । সেইবাবে ই প্ৰশম ।
(c) ইলেক্ট্ৰন এটাৰ ভৰ প্ৰ’টনৰ ভৰৰ প্ৰায় 1/2000 গুণ ।
(d) আয়িডনৰ এটা সমস্থানিক টিংচাৰ আয়ডিন প্ৰস্তুত কৰাত ব্যৱহাৰ কৰা হয় ।
উত্তৰঃ
(a) F
(b) F
(c) T
(d) F
প্ৰশ্ন 15, 16 আৰু 17 ত শুদ্ধ বাচনিৰ বিপৰীতে টিক (✓) চিন আৰু ভূল
বাচনিৰ বিপৰীতে ক্ৰত (×) চিন দিয়া ।
15. ৰাডাৰ ফ’ৰ্ডৰ
আলফা কণা বিচ্ছুৰণ পৰীক্ষাই---
(a) পাৰমাণৱিক নিউক্লিয়াছ (✓)
(b) ইলেক্ট্ৰন
(c) প্ৰ’টন
(d) নিউট্ৰন
16. মৌল এটাৰ সমস্থানিকবোৰৰ
(a) একে ভৌতিক ধৰ্ম
(b) ফিন্ন ৰাযায়নিক ধৰ্ম (✓)
(c) ভিন্ন সংখ্যক নিউট্ৰন
(d) ভিন্ন পাৰমাণৱিক সংখ্যা থাকে ।
17. C1- আয়নত যোজ্যতা ইলেক্ট্ৰনৰ
সংখ্যা
(a) 16
(b) 8 (✓)
(c) 17
(d) 18
18. তলৰ কোনটো ছ’ডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস ?
(a) 2, 8
(b) 8,
2, 1
(c) 2,
1, 8
(d) 2,
8, 1 (✓)
19. তলৰ তালিকাখন সম্পূৰ্ণ কৰা ।