প্ৰকৃতিক সম্পদৰ ব্যৱস্থাপনা । Class 10 science chapter 16 Solutions in assamese medium .


 প্ৰকৃতিক সম্পদৰ ব্যৱস্থাপনা । Class 10 science chapter 16 Solutions in assamese medium .  


প্ৰকৃতিক সম্পদৰ ব্যৱস্থাপনা 


প্ৰ শ্না ৱ লী

 

Class 10 Science NCERT Textbook – Page No 269


         1.      পৰিৱেশ হিতৈষী হবলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা ?

উত্তৰ-  পৰিৱেশ হিতৈষী হবলৈ মই তলত দিয়া অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰো-

(i)                                        বিদ্যালয়, অফিচ-কাৰ্যালয় আদিলৈ অহা যোৱাৰ বাবে ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা বাহন ব্যৱহাৰ কৰা ।

(ii)                                     জৈৱ- নিম্নীকৰণ আৰু জৈৱ- অনিম্নীকৰণ আৱৰ্জনাৰ পৃথকে পৃথকে ব্যৱস্থাপনা ।

(iii)                                   গা ধোৱা কাপোৰ ধোৱা পানী শৌচাগাৰ চাফা কৰিবলৈ ব্যৱহাৰ কৰা হয় ।

(iv)                                   প্লাষ্টিকৰ মোনাৰ ব্যৱহাৰ পৰিহাৰ কৰা ।

(v)                                      গ্ৰীষ্মকালত গা-ধোৱাৰ বাবে গৰম পানী ব্যৱহাৰ নকৰা ।

(vi)                                   খাদ্য অপচয় নকৰা ।

 


         2.      ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা কি হব পাৰে ?

উত্তৰ-  ক্ষন্তেকীয়া উদ্দেশ্যেৰে সম্পদ আহৰণ কৰাৰ সুবিধা হল-

(i)                                        বৃহৎসংখ্যক জনসংখ্যাৰ চাহিদা পূৰণ হব ।

(ii)                                     বৰ্তমান প্ৰজন্মৰ প্ৰয়োজন পূৰণ হ

(iii)                                   ঔদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ লগতে পৰিৱেশৰ সংৰক্ষণ হ

(iv)                                    বৃহৎ মুনাফা হব ।

 

 

3. সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ কেনেকৈ পাৰ্থক্য কৰিবা ?

উত্তৰ-  সম্পদৰ এনেধৰণৰ সুবিধাৰ পৰা দীৰ্ঘম্যাদী ব্যৱহাৰৰ সুবিধাবোৰ এনেকৈ পাৰ্থক্য কৰিম ।

হ্ৰস্যম্যাদী উদ্দেশ্যৰে সম্পদৰ ব্যৱস্থাপনা

দীৰ্ঘম্যাদী উদ্দেশ্যৰে সম্পদৰ ব্যৱস্থাপনা

(i) বৰ্তমান প্ৰজন্মৰহে পূৰাব, ভৱিষ্যৎ প্ৰজন্মলৈ নাথাকিব ।

(i) যথোচিত ব্যৱহাৰৰ ফলত বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰোৱাৰ উপৰি ভৱিষ্যৎ প্ৰজন্মৰ বাবেও সংৰক্ষিত হব ।

(ii) ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ সমবিতৰণ নহয় ।

(ii) ধনী আৰু দুখীয়াৰ মাজত সম্পদৰ সম আৰু সূষম বিতৰণ ।

(iii) সংৰক্ষণ সম্ভৱ নহয় ।

(iii) ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষিত হয় ।

(iv) অধিক হাৰত ব্যৱহাৰ কৰা হয় ।

(iv) বহনক্ষম ব্যৱহাৰ হয় ।

 

4. সম্পদসমূহৰ সমভাৱে বিতৰণ হব লাগে বুলি কিয় ভাৱা ?  আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি আছে ?

উত্তৰ- ধন বা কৰ্তৃত্ব নিৰ্বিশেষে পৃথিৱীৰপৰা আহৰণ কৰা মূৱল্যৱান প্ৰকৃতিক সম্পদসমূহ যাতে সকলো লোকৰ বাবে সমানে উপলদ্ধ হয় সেয়া সুনিশ্চিত কৰাৰ বাবে সম্পদৰ সম আৰু ভাৰসাম্যযুক্ত বিতৰণ খুবেই প্ৰয়োজনীয় । 

      প্ৰতিজন ব্যক্তিৰে প্ৰকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ অধিকাৰ আছে । সেয়ে সুবিধাসমূহ ধনী-দুখীয়া দুয়ো শ্ৰেণীয়ে যাতে সমভামভাৱে পায় সেইবাবে শক্তিয়ে কাম কৰি আছে ।

 

 Class 10 Science NCERT Textbook – Page No 273

 

         1.      বন আৰু বন্যপ্ৰাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে ?

উত্তৰ- কাৰণ বনাঞ্চল আৰু বন্যপ্ৰণীৰ সংৰশ্ৰণে বিভিন্ন ক্ষেত্ৰত সহায় কৰে, যেনে-

(i)                            জৈৱ-বৈচিত্ৰ অটুট ৰাখি পৰিস্থিতিতান্ত্ৰিক ভাৰসাম্য বজাই ৰখাত ।

(ii)                         বিভিন্ন উদ্ভিদ, প্ৰণী আৰু অণুজীৱৰ প্ৰজাতি সংৰক্ষণত ।

(iii)                       মানুহ আৰু অন্যান্য প্ৰাণীৰ আদ্য আৰু আশ্ৰয় যোগানত ।

(iv)                       বৃষ্টিপাত বৃদ্ধি আৰু জলবায়ু স্বাভাৱিক হৈ থকাত ।

(v)                          কাঠখৰি, বিভিন্ন কেঁচামাল লাভ কৰাত ।

(vi)                       বিয়োজনৰ পিছত ভূমিত পুষ্টি যোগোৱাৰ ক্ষেত্ৰত ।

(vii)                     ভ-জল পাৱৰ বাবে, বানপানীৰ প্ৰবল্য, ভূমি অৱক্ষয় ৰোধৰ বাবে ইত্যাদি ।

(viii)                  ৰাষ্ট্ৰৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ সুনিশ্চিত কৰাৰ ক্ষেত্ৰত ।

 

 

     2.       বনাঞ্চল সংৰক্ষণ সম্পৰ্কে মতামত আগবঢ়োৱা ।

উত্তৰ- বনাঞ্চল সংৰক্ষণ বাবে তলত দিয়া ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা যায় ।

(i)                            বাণিজ্যিক উদ্দেশ্যত গছ কটা বন্ধ কৰা ।

(ii)                         বনানীকৰণ কৰা

(iii)                       বনাঞ্চল ৰক্ষাৰ বাবে স্থানীয় লোকক উৎসাহ ঘোগোৱা ।

(iv)                       কেন্দীয় আৰু বাজ্যিক চৰকাৰে সামাজিক বনানীকৰণ কাৰ্যসূচী গ্ৰহণ কৰিব লাগে ।

(v)                          উদ্ভিদকূল আৰু প্ৰণীসমূহৰ সংৰক্ষণৰ বাবে বৈজ্ঞানিক গৱেষণাৰ পৃষ্ট পোকশতা কৰিব লাগে ।

 

Class 10 Science NCERT Textbook – Page No 276

 

2. পাহাৰীয়া অঞ্চল বা সমতল বা মালভূমি অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিবোৰৰ মাজত তুলনা কৰা ।

উত্তৰ-

 

পাহাৰ অঞ্চলৰ জল ব্যৱস্থাপনা

সমতল বা মালভূমি অঞ্চলৰ জল ব্যৱস্থাপনা

        1.      পাহাৰৰ দাঁতিকাষৰীয়া অঞ্চলত পানীৰ আধাৰ স্থাপন কৰা হয় যাতে বৈ অহা পানী তাত জমা হয় ।

        1.      প্ৰধানত অৰ্ধচন্দ্ৰাকৃতিৰ মাচিৰ বান্ধ, নাইবা চাপৰ পোন কংক্ৰিত আৰু শিলগুটিৰে বন্ধোৱা চেক ডামচ সাধাৰণতে বোৱতী পানীয়ে কৰা দ জানত নিৰ্মাণ কৰা হয় । 

          2.      পাহাৰৰ অঞ্চলত পানী কমকৈ বাষ্পীভৱন হয় বাবে পানী প্ৰায় সকলো ঋতুতে সংগ্ৰহ কৰিব পাৰি ।

       2.      বাৰিষাকালৰ পিছতে পানী শুকাব ধৰে ।

          3.      কঠিন শিলাৰে গঠিত বাবে প্ৰায় ভাগ ঠাইতে পানী ভূ-গৰ্ভস্থ হব নোৱাৰে ।

       3.      বান্ধে কেৱল পানী ধৰি নাৰাখে, ই ভূ-গৰ্ভৰ পানী উদজীৱিত কৰে । 

 

 

অ ণু শী ল নী


        1.       পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিৱৰ্তন আগবঢ়োৱাবা ?

উত্তৰ- উত্তৰ এটি আভাস -

(i)                            পলিথিনৰ সলনি মৰাপাট, কাগজ আৰু কাপোৰৰ বেগ ব্যৱবাৰ ।

(ii)                         বাল্ব, টিউব লাইটৰ সলনি চি.এফ.এল ব্যৱহাৰ ।

(iii)                       গা-ধোৱা পানী গৰম কৰাৰ বাবে সৌৰশক্তি ব্যৱহাৰ কৰা ।

(iv)                        জৌৱ-নমনীয় আৰু জৌৱ-অনমনীয় আৱৰ্জনা পৃথকে মজুত কৰা ।

(v)                          ৰাসায়নিক সাৰৰ সলনি বাগিচাত জৈৱ সাৰ ব্যৱহাৰ কৰা ।


   

       2.       পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে তোমালোকৰ বিদ্যালয়ত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিবা ?

 উত্তৰ- তোমালোকে নিজে চিন্তা কৰি লিখা ।

 


        3.      এই অধ্যায়ত আমি দেখিলো বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ আছে । এইবোৰৰ ভিতৰত কোনটো অংশীদাৰৰ বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত লব পৰা কৰ্তৃত্ব থাকিব লাগে ? তুমি কিয় তেনেকৈ ভাৱা ?

উত্তৰ- বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ চাৰিটা অংশীদাৰ ভিতৰত স্থানীয় লোক বনসম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে সিদ্ধান্ত লব পৰা কৰ্তৃত্ব থাকিব লাগে । মই তেনেকৈ ভাৱো কাৰণ স্থানীয় লোক যিয়ে বনাঞ্চলৰ আশে-পাশে বাস কৰে তেওঁলোকৰে বনাঞ্চলৰ উৎপাদিত সামগ্ৰীৰ ব্যৱস্থপনাৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ কৰ্তৃত্ব থকা উচিত । 

 

5.  তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰকৃতিক সম্পদৰবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা ?

উত্তৰ-   বিভিন্ন প্ৰকৃতিক সম্পদৰ ব্যয় নিয়ন্ত্ৰণলৈ আনিবৰ বাবে তলত দিয়া পদক্ষেপ গ্ৰহণ কৰিব পৰা যায় –

(i)                            প্ৰয়োজনতকৈ অধিক পানী খৰচ নকৰা ।

(ii)                         প্ৰয়োজনতকৈ অধিক খাদ্য কাঁহীত লৈ অপচয় বন্ধ কৰা ।

(iii)                       বহীৰ সকলো পৃষ্ঠাই কামত খটুৱাই কাগজৰ অপচয় কমোৱা ।

(iv)                        বাতৰি কাকত ভগা পুতলা, প্লাষ্টিকৰ মোনা আদি আদি পৃথকে পৃথকে থৈ পুন:ব্যৱহাৰযোগ্য কৰা ।


   6. নিজে কৰিবা ।  ( চিন্তা কৰি লিখা )

7. অনুশীলনীৰ ৫ নংৰ উত্তৰ চোৱা ।  



Chapter 16 Managementof Nature Resoures  Solution for Assamese Medium Student Assamese Science Solution SEBA .

Published by Lokesh Das

************