Class 9 Science Chapter 1 Matter in Our Surroundings Solutions in Assamese Medium


Solutions For Class 9 Science Chapter 1 Matter in Our Surroundings in Assamese Medium

Class 9 Science Chapter 1 Matter in Our Surroundings Solutions in Assamese Medium: Matter plays a crucial role in Science, laying the foundation for more advanced topics encountered in higher grades. To deepen your understanding, explore the NCERT Solutions for Class 9 Science (Chemistry) Chapter 1 – Matter in Our Surroundings. These solutions are carefully crafted by experienced educators with strong conceptual knowledge, ensuring that the content is easy to grasp and follow. The material is structured to simplify complex concepts, making learning more effective for students.

 

Moreover, the solutions have been updated according to the latest NCERT syllabus, meeting the key criteria evaluators look for. This approach ensures that students not only learn but are well-prepared for future academic challenges.

 

Class 9 Science Solutions for Chapter 1: Matter in Our Surroundings

Topics Covered in Chapter 1 Matter in Our Surroundings:

1.      Matter in Our Surroundings

2.      Physical Nature of Matter

3.      Characteristics of Particles of Matter

4.      States of Matter

5.      Can Matter Change its State?

6.      Evaporation

 

These solutions are a part of the Science Solutions for Class 9. In this section, Here we have given Class 9 Science Textbook Solutions for Chapter 1 matter in our Surroundings. covering all key concepts from the textbook.

Class 9 Science Chapter 1 Matter in Our Surroundings Solutions In Assamese Medium

 

Class 9 Science NCERT Textbook – Page - 3

     1.  তলৰ কোনবোৰ পদাৰ্থ ?

চকী, বায়ু, প্ৰেম, গোন্ধ, ঘৃণা, বাদাম, চিন্তা, ঠাণ্ডা, ঠাণ্ডা-পানীয়, সুগন্ধি দ্ৰৱ্যৰ সুবাস ।

     উত্তৰঃ চকী, বায়ু, বাদাম, ঠাণ্ডা-পানীয় আদি পদাৰ্থ ।

     2.  তলৰ পৰ্যবেক্ষণটোৰ কাৰণ দৰ্শোয়া ।

উত্তপ্ত অৱস্তাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোয়া যায় ।কিন্ত ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে ।

     উত্তৰঃ ব্যাপনশীল পদাৰ্থৰ উষ্ণতা বৃদ্ধিৰ লগে লগে ব্যাপনৰ হাৰ বৃদ্ধি পায় । গতিকে, উত্তপ্ত অৱস্তাত থকা বস্তুৰ পৰা নিৰ্গত উত্তপ্ত গেছৰ কণিকাবোৰৰ বায়ুৰ কণিকাবোৰৰ সৈতে অধিক দ্ৰুত হাৰত ব্যাপন ঘটে ।ফলত উত্তপ্ত অৱস্তাত থকা বস্তুৰ গোন্ধ কেইবা মিটাৰ দূৰৰ পৰা পোয়াযায় ।কিন্ত ঠাণ্ডা বস্তুৰ গোন্ধ পাবলৈ ওচৰলৈ যাব লাগে ।

     3.  এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে । পদাৰ্থৰ কি ধৰ্মৰ ভিক্তিত এইটো সম্ভৱ ?

  উত্তৰঃ এটা পৰ্যবেক্ষণে উপস্তাপন কৰিছে যে পদাৰ্থৰ কণিকাবোৰে পৰস্পৰক আকৰ্ষণ কৰে ।অৱশ্যে এই ক্ষেত্ৰত পানীৰ কণিকাবোৰৰ আকৰ্ষণ বলৰ মান কম।গতিকে, এজন ডুবাৰুৱে সাঁতোৰাৰ সময়ত পুখুৰীৰ পানী ফালি সোমাই যাব পাৰে ।

     4.  পদাৰ্থৰ কোনবোৰৰ বৈশিষ্ট্য বিলাক কি কি ?

 উত্তৰঃ পদাৰ্থৰ কোনবোৰৰ বৈশিষ্ট্য বিলাক হলঃ

(i)                পদাৰ্থৰ কণিকাবোৰৰ মাজত ব্যৱধান থাকে । এই ব্যৱধানক আন্তঃআণৱিক ব্যৱধান বুলি কোৱা হয় ।

(ii)             পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে । ফলস্বৰূপে, ইহতৰ গতি শক্তি থাকে ।

(iii)           আন্তঃআণৱিক বলৰ জৰিয়তে পদাৰ্থৰ কণিকাবোৰে পৰস্পৰক আকৰ্ষণ কৰে ।পদাৰ্থৰ প্ৰকাৰ সাপেক্ষে আকৰ্ষণ বল ভিন্ন হয় ।


Class 9 Science NCERT Textbook – Page No - 6

     1.      পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰৰ পৰিমাণকে ঘনত্ব বোলে ।

     (ঘনত্ব = `\frac{ভৰ}{আয়তন}`) তলৰ পদাৰ্থবোৰ ঘনত্বৰ উৰ্দ্ধক্ৰমত সজোয়া –

বায়ু, চিমনিৰ পৰা ওলোয়া ধোঁৱা, মৌ, পানী, চকমাটী, কপাহ, লো।

     উত্তৰচিমনিৰ পৰা ওলোয়া ধোঁৱা, বায়ু, কপাহ, পানী, মৌ, চকমাটী,লো।   

2.       (a) পদাৰ্থৰ বিভিন্ন অৱস্তাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্য দেখুৱাই এখন তালিকা কৰা

 (b)তলৰ বিষয় বিলাকৰ ওপৰত মন্তব্য দিয়া - 

দৃঢ়তা (rigidity), সংকোচনশীলতা (compressibility), প্ৰবাহীতা (fluidity), আকাৰ (shape),গতিশক্তি (kinetic energy), ঘনত্ব (denssity)

    উত্তৰ(a) পদাৰ্থৰ বিভিন্ন অৱস্তাৰ বৈশিষ্ট্যবোৰৰ পাৰ্থক্যঃ

ক্ৰমিক    নং

কঠিন

তৰল

গেছ

(i)

কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি আৰু আয়তন থাকে ।

তৰল পদাৰ্থৰ নিৰ্দিষ্ট আয়তন থাকে, কিন্ত নিৰ্দিষ্ট আকৃতি নাথাকে ।

গেছ বিলাকৰ নিৰ্দিষ্ট আয়তন নতুবা নিৰ্দিষ্ট আকৃতি নাথাকে ।

(ii)

কঠিন পদাৰ্থৰ সংকোচনশীলতাৰ মাত্ৰা নগণ্য ।

তৰল পদাৰ্থক কিছু পৰিমাণে সংকোচিত কৰিব পাৰি । অৱশ্যে ইহঁত, কঠিন পদাৰ্থতকৈ অধিক সংকোচনশীল

কঠিন আৰু তৰল পদাৰ্থৰ তুলনাত গেছবিলাক অতিশয় সংকোচনশীল।

(iii)

কঠিন পদাৰ্থবিলাক অতিশয় দৃঢ় কাৰণ কঠিন পদাৰ্থৰ  কণিকাবোৰ নিকটভাৱে সংলগ্ন আৰু কণিকাবোৰৰ মাজত ব্যৱধান অতি কম ।

তৰল পদাৰ্থক যি পাত্ৰত ৰখা হয় সেই পাত্ৰৰে আকৃতি লয় সেয়ে ইহঁতক প্ৰবাহী বুলি কোৱা হয় ।

গেছসমূহ মুঠেই দৃঢ় নহয়।

(iv)

কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি কম ।

তৰল পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি কঠিন পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তিতকৈ অধিক ।

গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি সৰ্বাধিক ।

(v)

কঠিন পদাৰ্থৰ ঘনত্ব অধিক ।

তৰল পদাৰ্থৰ ঘনত্ব কঠিন পদাৰ্থৰ ঘনত্বতকৈ কম ।

গেছীয় পদাৰ্থৰ ঘনত্ব কঠিন আৰু তৰল পদাৰ্থৰ ঘনত্বতকৈ কম

(vi)

কঠিন পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান কম।

তৰল পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান কঠিন পদাৰ্থতকৈ অধিক ।

গেছীয় পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান সৰ্বাধিক ।

(vii)

আন্তঃআণৱিক আকৰ্ষণ বল অতি শক্তিশালী ।

আন্তঃআণৱিক আকৰ্ষণ বল কঠিন পদাৰ্থতকৈ নিশকতীয়া

আন্তঃআণৱিক আকৰ্ষণ বল ।

  

 (b)দৃঢ়তাঃ ব্যাহিক বল প্ৰয়োগ কৰাৰ ক্ষেত্ৰত পদাৰ্থৰ নিজস্ব আকৃতি অপৰিৱৰ্তিত ৰখাৰ প্ৰৱণতাকে দৃঢ়তা বোলা হয় । গোটা পদাৰ্থবিলাক অতিশয় দৃঢ় । তৰল পদাৰ্থ প্ৰবাহিত হয় আৰু আকৃতি পৰিৱৰ্তন কৰে । গেছ সমূহো অতি নিম্ন ঘনত্ববিশিষ্ট প্ৰবাহী ।

   সংকোচনশীলতাঃ ই হৈছে পদাৰ্থৰ এনে এক ধৰ্ম যাৰ জৰিয়তে ইয়াৰ ওপৰত চাপ হ্ৰাস বা বৃদ্ধি কৰি পদাৰ্থটোৰ আয়তন হ্ৰাস বা বৃদ্ধি কৰিব     পাৰি । গোটা পদাৰ্থৰ সংকোচনশীলতা উপেক্ষণীয় । তৰল পদাৰ্থক সামাম্য   পৰিমাণে সংকুচিত কৰিব পাৰিআনহাতে গেছসমূহ অতিশয় সংকোচলশীল।

   প্ৰবাহীতাঃ ইয়াৰ অৰ্থ হৈচে প্ৰবাহৰ ধৰ্ম । কঠিন পদাৰ্থ প্ৰবাহী নহয়, কাৰণ ই প্ৰবাহীত হব নোৱাৰে । তৰল আৰু গেছসমূহ প্ৰবাহী ।

  আকাৰঃ আকৃতিয়ে সুনিৰ্দিষ্ট পৰিসীমা সূচায় । কঠিন পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি থাকে কিন্ত তৰল আৰু গেছীয় পদাৰ্থৰ নিৰ্দিষ্ট আকৃতি নাথাকে ।

  গতিশক্তিঃ ই হৈছে পদাৰ্থৰ কণিকাবোৰে সিম্পন্ন কৰা গতিৰ বাবে কণিকাবোৰত নিহিত থকা শক্তি কঠিন, তৰল আৰু গেছীয় পদাৰ্থবোৰৰ গতি শক্তিৰ মান ক্ৰমে কম, অধিক  আৰু অত্যাধিক

  ঘনত্বঃ পদাৰ্থৰ প্ৰতি একক আয়তনৰ ভৰক ঘনত্ব বুলি কোৱা হয় । কঠিন, তৰল আৰু গেছীয় পদাৰ্থৰ ঘনত্ব ক্ৰমে অধিক, কম আৰু অতি কম ।

     3.      কাৰণ দৰ্শোৱা-

(a)  কোনো এটা বন্ধ পাত্ৰত গেছ ৰাখিলে সেই গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে ।

(b) ধাৰক পাত্ৰৰ বেৰত গেছে চাপ দিয়ে ।

(c)  কাঠৰ টাবুল এখনত কঠিন পদাৰ্থ বুলিব পাৰি ।

(d) বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰো কিন্ত কাঠ এডোখৰৰ মাজেৰে ঘূৰাবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন ।

উত্তৰ(a) এটা গেছৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান অতি বৃহৎ আৰু কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল উপেক্ষণীয় গতিকে কণিকাবোৰে মুক্তভাৱে সকলো দিশতে উচ্চ বেগত যাদৃচ্ছিকভাৱে গতি সম্পন্ন কৰিব পাৰে। সেয়ে, গেছে পাত্ৰটোৰ সকলো অংশ অধিকাৰ কৰে ।

(b) গেছীয় পদাৰ্থৰ কণিকাবোৰৰ গতি শক্তি অতি বেছি । গতিকে, কণিকাবোৰে সকলো দিশতে দ্ৰুত বেগেৰে  যাদৃচ্ছিকভাৱে গতি সম্পন্ন কৰে । এনে কৰোঁতে পৰস্পৰৰ লগত আৰু পাত্ৰৰ বেৰৰ সৈতে সংঘৰ্ষত লিপ্ত হয় । যেনে, ধাৰক পাত্ৰৰ বেৰত সিহঁতে কিছু বল প্ৰয়োগ কৰে । ধাৰক পাত্ৰটোৰ প্ৰতি একক ক্ষেত্ৰফলত গেছৰ কণিকাবোৰে প্ৰয়োগ কৰা বলেই হৈছে গেছটোৱে প্ৰয়োগ কৰা চাপ ।

(c) কাঠৰ টাবুলৰ নিৰ্দিষ্ট আকৃতি আৰু নিৰ্দিষ্ট আয়তন থাকে । ই বাহ্যিক বলৰ প্ৰভাৱৰ পৰা মুক্ত হৈ নিজস্ব আকৃতি অপৰিৱৰ্তিত ৰাখে । সেয়ে, কাঠৰ টাবুল এখনত কঠিন পদাৰ্থ বুলিব পাৰি ।

(d) এটা গেছৰ কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক ব্যৱধান অতি বৃহৎ আৰু কণিকাবোৰৰ মাজৰ আন্তঃআণৱিক আকৰ্ষণ বল উপেক্ষণীয় । সেয়ে আমি বায়ুত আমাৰ হাতখন সহজে ঘূৰাব পাৰোঁ । কিন্ত কাঠ এডোখৰৰ ক্ষেত্ৰত আন্তঃআণৱিক বল অতি বৃহৎ আৰু কাঠডোখৰৰ কণিকাবোৰ দৃঢ়ভাৱে বান্ধ খাই থাকে সিহঁতক আতঁৰ কৰিবলৈ বৃহৎ পৰিমাণৰ বলৰ প্ৰয়োজন হয় । সেয়ে একেটা কাম কাঠ ডোখৰৰ মাজেৰে কৰিবলৈ এজন কেৰাটে বিশেষজ্ঞৰ প্ৰয়োজন ।

     4. কঠিন পদাৰ্থন তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম । কিন্ত দেখিছানে- বৰফ পানীত ওপঙে; কিয় বাৰু ?

 উত্তৰঃ পানী হিমীভূত হৈ বৰফ গঠন হওঁতে পানীৰ কণিকাবোৰৰ মাজত ব্যৱধান ৰৈ যায় । ইয়াৰ ফলত বৰফৰ ঘনত্ব (0-92 g cm-3) পানীৰ ঘনত্বতকৈ (1.0 g cm-3) কম হয় । যেনে, বৰফ পানীত ওপঙে ।


Class 9 Science NCERT Textbook – Page No -9

     1.      তলত দিয়া উষ্ণতাবোৰ ছেলছিয়াছ স্কেলত প্ৰকাশ কৰা-

(a)300 K

(b)            573 K

     উত্তৰ

(a)  300 – 273 = 27°C

(b)  573 – 273 = 300°C

     2.      তলৰ উষ্ণতাবিলাক পানীৰ ভৌতিক অৱস্তা কি হব ?

(a)  250o C                     (c) 100o C

     উত্তৰ(a) গেছীয় অৱস্তা

       (b) বাষ্প অৱস্তা ।

     3.      কোনো পদাৰ্থৰ ভৌতিক অৱস্তাৰ পৰিৱৰ্তনৰ সময়চোৱাত উষ্ণতা স্হিৰ হৈ থাকে কিয় ?

উত্তৰঃ পদাৰ্থৰ অৱস্তাৰ পৰিৱৰ্তনকালত প্ৰয়োগ কৰা তাপ শক্তি, পদাৰ্থৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বল অতিক্ৰম কৰাত ব্যৱহাৰ হয় । অৱস্তাৰ পৰিৱৰ্তনকালত কণিকাবোৰৰ গতি শক্তি বৃদ্ধি নাপায় । সেয়ে, পদাৰ্থৰ ভৌতিক অৱস্তাৰ পৰিৱৰ্তনৰ সময়চোৱাত উষ্ণতা স্হিৰ হৈ থাকে

     4.      বায়ুমণ্ডলীয় গেছ জুলীয়া কৰিব পৰা পদ্ধতি এটা কোৱা ।

 উত্তৰঃ উচ্চ চাপ প্ৰয়োগ কৰি উষ্ণতা হ্ৰাস কৰি বায়ুমণ্ডলীয় গেছ জুলীয় কৰিব পাৰি ।


Class 9 Science NCERT Textbook – Page No -10

      1.      Desert cooler এটা শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে কিয়?

উত্তৰঃ বাষ্পীভৱনে ঠাণ্ডা কৰে কাৰণ বাষ্পীভৱনৰ বাবে উচ্চ শক্তিসম্পন্ন  কণিকাবোৰে তৰল পৃষ্ঠৰ পৰা গতি কৰে আৰু নিম্ন শক্তিসম্পন্ন কণিকাবোৰেহে ৰৈ যায় । যেনে – অৱশিষ্ট তৰলৰ উষ্ণতা হ্ৰাস পায় ।

শুষ্ক গৰম দিনত পানীৰ বাষ্পীভৱনৰ হাৰ উষ্ণতাৰ বৃদ্ধিৰ লগে লগে বৃদ্ধি পায় । তদুপৰি, বায়ুৰ আদ্ৰতা কম হোৱা হেতুকে বাষ্পীভৱনৰ হাৰ  বৃদ্ধি পায় । গতিকে, বাষ্পীভৱনৰ বৰ্দ্ধিত হাৰৰ বাবে Desert cooler এটা শুষ্ক গৰম দিনত ভালকৈ ঠাণ্ডা কৰে

     2.      গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হৈ থাকে কিয় ?

উত্তৰঃ মাটিৰ কলহৰ বৃহৎ সংখ্যক ক্ষুদ্ৰ ৰন্ধ্ৰ থাকে । এই ৰন্ধ্ৰবোৰৰ মাজেৰে পানীৰ কণিকাবোৰৰ বহিঃপৃষ্ঠলৈ ওলাই আহে । এই পানীখিনি বাষ্পীভৱন হৈ বায়ুৰ লগত মিলিত হয় । বাষ্পীভৱনৰ বাবে প্ৰয়োজন হোৱা তাপ মাটিৰ কলহ আৰু অৱশিষ্ট পানীখিনিৰ পৰা শোষিত হয় । যেনে – অৱশিষ্ট পানীখিনিৰ হ্ৰাস পায় আৰু এয়াই ঠাণ্ডা হৈ থাকে

     3.      হাতৰ তলুৱাত এচিটন, পেট্ৰল বা সুগন্ধি আতৰ ঢালি ললে ঠাণ্ডা অনুভৱ হয় কিয় ?

উত্তৰঃ হাতৰ তলুৱাত এচিটন, পেট্ৰল বা সুগন্ধি আতৰ ঢালি ললে বাষ্পীভৱনৰ বাবে প্ৰয়োজন হোৱা তাপ শক্তি আমাৰ হাতৰ তলুৱা বা চৌপাশৰ পৰা শোষণ কৰে। যেনে - আমাৰ হাতৰ তলুৱাত শীতলতা অনুভৱ কৰোঁ ।

     4.      গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ কিয় ?

উত্তৰঃ পৃষ্ঠকালি বৃদ্ধি পালে বাষ্পীভৱনৰ হাৰ বৃদ্ধি পায় । প্লেটৰ পৃষ্ঠকালি কাপতকৈ বেছি । গতিকে বাষ্পীভৱনৰ বৰ্দ্ধিত হাৰৰ বাবে গৰম চাহ বা গাখীৰ প্লেটত সোনকালে ঠাণ্ডা হয় । যেনে – গৰম চাহ বা গাখীৰ কাপত লৈ খোৱাতকৈ প্লেটত লৈ খোৱা সহজ

      5.      গ্ৰীষ্মকালত আমি কি ধৰণৰ কাপোৰ পিন্ধিব লাগে ?

উত্তৰঃ গ্ৰীষ্মকালত আমি কপাহী কাপোৰ পিন্ধা উচিত । গ্ৰীষ্মকালত আমাৰ দেহৰ পৰা যথেষ্ট ঘাম উলাই ঘামে আমাৰ দেহৰ পৰা তাপ শোষণ কৰে । কপাহী কাপোৰে ঘাম শোষণ কৰি বায়ুমণ্ডললৈ বাষ্পীভূত হোৱাত সহায় কৰে । ইয়াৰ ফলত আমাৰ দেহটো শুষ্ক আৰু শীতল হৈ পৰে ।

 

অনুশীলনী

     1.      তলৰ উষ্ণতাবিলাক ছেলছিয়াছত প্ৰকাশ কৰা

            (a)293 K                  (ii)470 K

টোকাঃ  ( মি জানো যে, উষ্ণতাৰ SI একক হৈছে, কেলভিন (K)0° C = 273.16 K, সুবিধাৰ হেতু 0°C = 273 K বুলি ধৰা হয়। কেলভিন স্কেলৰ পৰা ছেলছিয়াছ স্কেললৈ নিবলৈ, কেলভিন স্কেলৰ উষ্ণতাৰ পৰা 273 বিয়োগ কৰিব লাগে সেইদৰে , ছেলছিয়াছৰ পৰা কেলভিনলৈ নিবলৈ 273 যোগ দিব লাগে

   উত্তৰ
(a)  ( 293 – 273 ) K =  20°C
(b)  ( 470 – 273 ) K =  197°C

     2.      তলৰ উষ্ণতাবিলাক কেলভিনত প্ৰকাশ কৰা-

    (a)25°C     (ii)373°C 

   উত্তৰঃ 

 (a) 25 + 273 = 298 K
 (b) 373 + 273 = 646 K

     3.      কাৰণ দৰ্শোৱা-

(a)  খোলা ঠাইত নেফথেলিন বল কেইদিনমান থৈ দিলে নাইকিয়া হয় ।

উত্তৰ: নেফথেলিন বল উৰ্ধপাতনৰ পৰিঘটনা দেখুৱাই । ইহঁতে গোটা অৱস্তাৰ পৰা তৰল অৱস্তাৰ মাজেৰে অতিক্ৰম নকৰাকৈ পোনপটীয়াভাৱে গেছিয় অৱস্তালৈ পৰিৱৰ্তিতহয় ।

(b) দূৰৰ পৰাই আতৰৰ গোন্ধ পাওঁ ।

উত্তৰ: বায়ুৰ কণিকাবোৰৰ সৈতে আতৰৰ কণিকাবোৰৰ ব্যপন হয় আৰু সকলো দিশে দ্ৰুতভাৱে গতি কৰে সেয়ে আমি দূৰৰ পৰাই আতৰৰ গোন্ধ পাওঁ ।

     4.      কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ উৰ্দ্ধক্ৰমত সজোৱা- পানী, চেনি আৰু অক্সিজেন

       উত্তৰ  অক্সিজেন < পানী < চেনি

     5.      তলৰ উষ্ণতাত পানীৰ ভৌতিক অৱস্হা কি ?

(a)  25°C  (b) 0°C  (c) 100°C 

       উত্তৰ  (a) জুলীয়া (b) গোটা (c) গেছীয়

     6.      যুক্তি দৰ্শাই ব্যাখ্যা কৰা-

(a)  সাধাৰণ উষ্ণতাত পানী জুলীয়া ।

       উত্তৰঃ সাধাৰণ উষ্ণতাত পানী জুলীয়া কাৰণ

(i)    ইয়াৰ নিৰ্দিষ্ট আকৃতি নাথাকে কিন্ত  নিৰ্দিষ্ট আয়তন থাকে । ইয়াক যি পাত্ৰত ৰখা হয়, সেই পাত্ৰৰে আকৃতি লয় ।

(ii)  ই প্ৰবাহিত হব পাৰে । সেয়ে ইয়াক প্ৰবাহী বুলি কোৱা হয় ।

(b) সাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন ।

       উত্তৰসাধাৰণ উষ্ণতাত লোৰ আলমাৰিটো কঠিন কাৰণ

(i)                ইয়াৰ নিৰ্দিষ্ট আকৃতি আৰু  নিৰ্দিষ্ট আয়তন আছে ।

(ii)             ই দৃঢ় আৰু ইয়াক সহজে সংকোচিত কৰিব নোৱাৰি ।

     7.      273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে কিয় ?

  উত্তৰঃ গলনৰ লীন তাপৰ বাবে 273 K উষ্ণতাত থকা বৰফৰ একে উষ্ণতাত                      

থকা পানীতকৈ কম পৰিমাণৰ তাপ থাকে । 273 K উষ্ণতাত থকা 1kg বৰফ গলিবলৈ 3.35 × 105 জুল তাপ শক্তি লাগে, যিখিনি তাপ পদাৰ্থৰ পৰা শোষণ কৰা হয় । ফলস্বৰূপে,  পদাৰ্থটোৱে তাপ শক্তি হেৰুৱাই গতিকে, 273 K উষ্ণতাত থকা বৰফে একে উষ্ণতাত থকা পানীতকৈ বেছি ঠাণ্ডা কৰে ।

     8.      উতলা পানী আৰু পানীৰ ভাপৰ কোনটোৱে বেছিকৈ পুৰিব ?

  উত্তৰঃ লীন তাপৰ বাবে 100°C উষ্ণতাত থকা পানীৰ ভাপৰ 100°C উষ্ণতাত  থকা উতলা পানীতকৈ অধিক পৰিমাণৰ তাপ থাকে আৰু ছালৰ সংস্পৰ্শত অধিক পৰিমাণৰ তাপ নিৰ্গত কৰে । গতিকে,  100°C উষ্ণতাত থকা পানীৰ ভাপে 100°C উষ্ণতাত থকা উতলা পানীতকৈ বেছিকৈ পুৰিব ।

     9.      অৱস্তাৰ পৰিৱৰ্তন দেখুৱাই তলৰ চিত্ৰত  A,B, C, D, E আৰু F ৰ নাম দিয়া



     উত্তৰ     A     -    বিগলণ

                     B     -    বাষ্পীভৱন

                     C     -    ঘনীভৱন

                     D     -    গোটাকৰণ

                     E     -     উৰ্ধপাতন

                     F     -     উৰ্ধপাতন

 

 

Published By

Sudev Chandra Das (B.Sc. Mathematics)

Through my unwavering dedication, I have been helping students achieve academic excellence. Success has no shortcuts—it is built on a foundation of preparation, perseverance, and the lessons learned from failure.

More Resources For Class 10 Solutions in Assamese Medium



 


Follow us on

Instagram
Facebook
Subscribe Our YouTube Channel