অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি । Class 10 Assamese Book Question Answer SEBA .


 

Class 10 Assamese Book Question Answer SEBA . 




অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি

 

 

 

   ১/ অতি চমু উত্তৰ লিখা:

 

ক) ত্ৰয়োদশ শতিকাত অসমলৈ অহা বহিৰাগত গোষ্ঠী কোনটো ?

উত্তৰ:- মংগোলীয় গোষ্ঠী 

 

খ) প্ৰাচীন কালৰে পৰা অসম দেশ কিহৰ বাবে প্ৰসিদ্ধ আছিল ? 

উত্তৰ:- প্ৰাচীন কালৰে পৰা অসম দেশ যাদুমন্ত্ৰ আৰু ঐন্দ্ৰজালিক বিদ্যাৰ বাবে প্ৰসিদ্ধ আছিল 

 

গ) কিহে অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে ?

উত্তৰ:- বিভিন্ন ভাষা-ভাষী লোকৰ মাজত ঘটা ভাষিক সংমিশ্ৰণে অসমীয়া জাতিক অধিক কট্কটীয়া কৰিলে 

 

 ঘ) সকলোকে বান্ধি থোৱা এনাজৰীডাল কি আছিল ?

উত্তৰ:- সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা ।

 

 ঙ) অসমৰ মংগোলীয় গোষ্ঠীৰ লোক কোনবিলাক ?

উত্তৰ:-  আহোমসকল ।

 

 

 

২/ চমু উত্তৰ লিখা:-

 

 ক) অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে কোনসকলক বুজায় ?

উত্তৰ:- অসমীয়া জনগোষ্ঠীৰ ধাৰক বুলিলে অসমৰ প্ৰাচীন জনজাতীয় গোষ্ঠী অৰ্থাৎ অনাৰ্যসকল যেনে -  কছাৰী,   চুতীয়া,   কোচমেচডিমাচা,   দেউৰীমিচিংবড়োতিৱা,   কাৰ্বি আদিক বুজায় 



 খ) কিমান চনৰ পৰা কিমান চনলৈ অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল?

উত্তৰ:- ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈকে অসমৰ বিদ্যালয়ত বঙলা ভাষা চলিছিল ।


 

 গ) চাহ উদ্যোগৰ কৰ্মীসকল কোনতেওঁলোক কৰ কৰ পৰা অসমলৈ আহিছিল ?

উত্তৰ:- চাহ উদ্যোগৰ কৰ্মীসকল হৈছে- চাঁওতালকুৰ্মিমোছহৰমুণ্ডাতেলেঙ্গাহোভূমিজওৰাতাঁতীলোহাৰ আদি বিভিন্ন জাতিৰ লোক 

      এওঁলোক বিহাৰউৰিষ্যামধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহিছিল 

 

ঘ) পাঠটিত থকা খাদ্য- বস্তুৰ এখন তালিকা প্ৰস্তুত কৰা ।

উত্তৰ:- পাঠটিত থকা খাদ্য-বস্তুৰ এখন তালিকা হৈছে - পাৰাথাপোলাওকোৰ্মা-কোপ্তাকে'ক-বিস্কুতৰুটিৰসগোল্লালালমোহনচিঙ্গাৰালুচি-পুৰীডচা-চাম্বাৰইডলি ইত্যাদি ।


 

৩/ অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ কি কি ?

উত্তৰ:- অসমৰ পুৰণি সাহিত্যৰ সমলবোৰ হৈছে- অলিখিত গৰখীয়া নামনিচুকণি গীতনাও খেলোৱা গীতবাৰমহী গীতআইনামবিয়ানামবনগীতবিহুগীতদেহ বিচাৰৰ গীতমন্ত্ৰ- সাহিত্য আৰু ডাকৰ বচন আদি 

 

 

৪/ অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে ’- কথাষাৰৰ গুৰুত্ব বাখ্যা কৰি অসমৰ জনগোষ্ঠীৰ বৈচিত্ৰ্যৰ কথা বৰ্ণনা কৰা  

উত্তৰ:- অসম দেশত বিভিন্ন জাতি-উপজাতিৰ মানুহে বাস কৰে । অসম সমস্যা বহুল দেশ । ইয়াত বাস কৰা বিভিন্ন ধৰ্মাৱলম্বী লোকে লগলাগি এখন অসমীয়া সমাজ গঠন কৰিছে । তেৰয়োদশ শতিকাৰ পৰা আজিলৈকে অসমলৈ নানা ধৰণৰ জাতিৰ মানুহ আহি থিতাপি লৈছে । কিছুমানে যুদ্ধ কৰিবলৈ আহি, কিছুমানে যুদ্ধ হৈ, কিছুমানে বেপাৰ-বাণিজ্য কৰিবলৈ আহি, কিছুমানে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত আহি আৰু আন কিছুমানে চৰকাৰী উদ্যোগত আহি ইয়াত বাস কৰিছে । হিন্দু, মুছলমান, শিখ, জৈন আদি বিভিন্ন ধৰ্মৰ মানুহ অসমলৈ  আহি অসমীয়া হৈ পৰিছে । অসমত থকা বিভিন্ন জাতি গোষ্ঠীসমূহে নিজৰ ভাষা এৰি অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া ভাষা সংস্কৃতি ৰক্ষাত সহায় কৰিলে । অসমত নানা ধৰেম, নানা ভাষাৰ লোকে বাস কৰে ।      

 

৫/ বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱা কাৰণেও থলুৱা সংস্কৃতিৰ পৰা আঁতৰিও পৰিল । - ইয়াত কি ঔদ্যোগিক আবেষ্টনীৰ কথা উল্লেখ কৰিছে আৰু কোনেকিহৰ বাবে আঁতৰি পৰাৰ কথা কৈছে - পাঠৰ আলমত বিচাৰ কৰা 

উত্তৰ:- ইয়াত ঔদ্যোগিক আবেষ্টনী মানে বৃটিছসকলে অসমত চাহ উদ্যোগ আৰু তাৰ সৈতে জড়িত চাহ জনগোষ্ঠীৰ লোকৰ কথা কোৱা হৈছে । অসমত চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে নতুন এদল বৃত্তিয়াল আহি অসম দেশত বসবাস কৰিবলৈ ললে । এই উদ্যোগত কাম কৰিবৰ বাবে বিহাৰউৰিষ্যামধ্য প্ৰদেশ আৰু উত্তৰ প্ৰদেশৰ আদি বিভিন্ন অঞ্চলৰ পৰা অসমলৈ আহিছিল । অসমত বিভিন্ন ৰাজ্যৰ পৰা চাঁওতালকুৰ্মিমুণ্ডাতেলেঙ্গামোছহৰহোভূমিজওৰাংতাঁতীলোহাৰ আদি বিভিন্ন জাতিৰ লোকে অসমৰ চাহ উদ্যোগৰ কাম কৰিবলৈ ল'লে। কালক্ৰমত এই সকলেই নিজৰ সংস্কৃতি কিছু সংৰক্ষণ কৰি হলেও অসমীয়া মাত-কথা গ্ৰহণ কৰি থলুৱা লোকৰ আচাৰ-নীতিসাজ-পাৰ গ্ৰহণ কৰি কালৰ সোঁতত অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ অসমত পৰিল । কিন্তু এওঁলোকক শিক্ষা দিয়াৰ কাৰণে কোনো ব্যৱস্থা নোলোৱাত অতি অগ্ৰসৰ হৈ ৰল । অসমৰ থলুৱা সংস্কৃতিৰ লগত খাপ খোৱাত যথেষ্ট পলম হল তেওঁলোকৰ । বিশেষ এটা আবেষ্টনীৰ মাজত বসবাস কৰিবলৈ লোৱাৰ কাৰণেও থলুৱা সংস্কৃতিৰ পৰাও আঁতৰি পৰিল 

 

 

৬/ এটা সংমিশ্ৰিত- সংস্কৃতিসম্পন্ন জাতিইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অবকাশ নাই ।” - ইয়াত লিখকে কাক আৰু কি সংস্কৃতি সম্পন্ন জাতি বুলি কৈছে । নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অবকাশ নাই” বোলা কথাষাৰৰ সত্যাসত্য বিচাৰ কৰা।

উত্তৰ:- এটা সংমিশ্ৰিত- সংস্কৃতিসম্পন্ন জাতিইয়াক নুই কৰাৰ কোনো যুক্তি-তৰ্কৰ অবকাশ নাই । ইয়াত লেখকে বৃহৎ অসমীয়া জাতি আৰু এক সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি বুলি কৈছে ।

         নুই কৰাৰ কোনো যুক্তি তৰ্কৰ অবকাশ নাই” । অসমীয়া জাতিৰ সংস্কৃতি প্ৰকৃততে গঢ় লৈ উঠিছে বিভিন্ন জনজাতীয় সাংস্কৃতিক উপাদানেৰে । কেৱল এটা জনগোষ্ঠীৰ সংস্কৃতিয়ে অসমীয়া সমস্কৃতি নহয় । অসমীয়া জাতি বুললিলে ই সাঙুৰি লয় কাৰবি, দেউৰী, কছৰী, চুটিয়া আদি বিভিন্ন জনজাতিৰ সেই একেদৰেই এই সংমিশ্ৰিত জাতিৰ সংস্কৃতিতো উপাদান আছে বিভিন্ন জনজাতীয় সাংস্কৃতিক সমলসমূহৰ । বাহিৰৰ পৰা অহা সকলোৱে আন্তৰিকতাৰে এই অসম দেশৰ ভাষা সংস্কৃতি গ্ৰহণ কৰি অসমক নিজৰ দেশ বুলি গ্ৰহণ কৰিছিল। ভাষিক সংমিশ্ৰণে অসমীয়া জাতি আৰু সংস্কৃতিক আৰু অধিক কটকটীয়া কৰি তুলিলে । অসমত বসবাস কৰা জনজাতীয় ভাষা ভালদৰে বুজি পায় আৰু কব পাৰে । অসমলৈ পৰৰ্ৱতী কালত অহা লোক সকলেও নিজৰ নিজৰ ভাষা-সংস্কৃতি ত্যাগ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিক আকোৱালি লয় । যুগ যুগ ধৰি এনেদৰে আদান-প্ৰদানবিনিময় আৰু সংস্কৃতি গ্ৰহণৰ মাধ্যমেদি অসমীয়া সংস্কৃতিটো বৰ্তমানলৈ পৰিগ্ৰহ হৈ আছে। বিভিন্ন ধৰণৰ জাতি-জনজাতিৰ সমন্বয়ৰ মাজেৰে অসমীয়া জাতিটো গঢ়ি উঠিছে  সেয়ে অসমীয়া জাতি যে এটা সংমিশ্ৰিত সংস্কৃতিসম্পন্ন জাতি এই কথা নুই কৰাৰ কোনো য়ুক্তি- তৰ্কৰ অৱকাশ দেখা নাযায় ।

 

৭) লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিল। কিহৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল এই ৰূপান্তৰ কিদৰে ঘটিছিল বুজাই লিখা 

উত্তৰ:- অসমলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে ভাৰতৰ বাহিৰৰ বিভিন্ন সময়তে ভিন ভিন জাতি উপজাতি আহি বৃহৎ অসমীয়া জাতি আৰু সংস্কৃতি গঢ়ি তুলিছিল । অসমৰ সংস্কৃতি বাৰেবৰণীয়া আৰু বৈচিত্ৰ্যপূৰ্ণও আছিল । ত্ৰয়োদশ শতিকাত মংগোলীয় গোষ্ঠীৰ লোকসকল অসমলৈ আহি থাকিবলৈ লয় । আকৌ প্ৰাচীন কালত অসমখন আছিল অনাৰ্য জাতিৰ বাসস্থান আছিল । এই মংগোলীয় গোষ্ঠীৰ লোকসকল বিশেষকৈ আহোমসকলমুছলমান সকল আৰু বিভিন্ন ৰাজ্যৰ পৰা লোকৰ ভিতৰত কোনোবাই দেশ জয় কৰিবলৈ অসমলৈ আহিছিল । এওঁলোকৰ ভিতৰৰ কোনোবা আকৌ যুদ্ধবন্দী হিচাপে অসমত থাকি গল । এনেদৰে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া সম্ভৱ হৈ উঠিবলৈ ধৰিলে । এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতিআচাৰ ব্যৱহাৰ আন এটা সম্প্ৰদায়েও গ্ৰহণ কৰি ললে । সাজপাৰআ-অলঙ্কাৰদৈনন্দিন ব্যৱহাৰ্য আচবাববাচন বৰ্তন সকলোতেই পৰিৱৰ্তন ঘটিবলৈ ধৰিলে  পৰৱৰ্তী কালত আন আন প্ৰজাতিৰ লোক অসমলৈ আহিল । এইদৰে বিভিন্ন অসমলৈ অহা বিভিন্ন সংস্কৃতিসম্পন্ন জাতিয়ে অসমীয়া ভাষা সংস্কৃতিৰ লগত এটাই আনটোত জাহ গৈ মিলি গল । ইয়াৰ লগে লগে সংস্কৃতিৰ ৰূপান্তৰ আৰম্ভ হল । বাহিৰৰ সংস্কৃতিৰ লগত এই দেশৰ সংস্কৃতিৰ সংমিশ্ৰণ ঘটি এক বলিষ্ঠ সংস্কৃতিৰ সৃষ্টি হল । এইদৰেই সংস্কৃতিৰ ৰূপান্তৰ ঘটিছিল ।

 

 

৮) তাৎপৰ্য বাখ্যা কৰা :-

 

ক) দেখা যায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা 

উত্তৰ:-  অসম দেশত নানা ধৰ্মৰ ভাষাগোষ্ঠীৰ লোকে বাস কৰে । এই সকলোবোৰে লোক অসমীয়া । মিচিং, কাৰবি, দেউৰী আদি সম্প্ৰদায়ে নিজ নিজ দোৱান বা উপভাষা জীয়াই ৰাখিছে যদিও তেওঁলোক সকলোৱে অসমীয়া ভাষা বুজে আৰু কয় । বাহিৰৰ পৰা অহা সকলো মানুহে অসমীয়া ভাষাৰেই এইসকল মূলৰ ভাষা গোষ্ঠীৰ লগত আদান প্ৰদান কৰে । সেইবৈবে মেঘালয়, নাগালেণ্ড, অৰুণাচলকে লৈ এই গোটেই অঞ্চলৰ সামূহিক ভাষা আছিল অসমীয়া । গতিকে দেখা য়ায় সকলোকে বান্ধি থোৱা এনাজৰীডাল আছিল অসমীয়া ভাষা । ভাষিক সংমিশ্ৰণৰ বাবে অসমত আহোমে আহোম ভাষাৰে, ব্ৰাহ্মণ – ক্ষত্ৰিয়ই সমস্কৃতেৰে আৰু মুছলমানে আৰবী বা ফাৰ্চী ভাষাৰে কথা নাপাতে । এই সকলোবোৰৰ মাতৃভাষা অসমীয়া ।

 

খ) এই গোটেইবোৰ হল স্বতঃপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া।

উত্তৰ:- পাঠটোত গোটেইবোৰ’ কথাষাৰে অসম দেশত ঘটা কিছুমান পৰিৱৰ্তনৰ কথা বুজাইছে ।

       ইংৰাজসকল অহাৰ লগে লগে আমাৰ দেশত ৰেলগাড়ীৰ প্ৰচলন হল । সেইদৰে পোছাক-পৰিচ্ছদৰ পৰিৱৰ্তন হল । মানুহে কোট পেণ্ট পৰিধান কৰিবলৈ ললে । কেক-বিস্কুটৰ প্ৰচলন হল । নতুন নতুন খাদ্যসামগ্ৰীৰ আমদানি হল ।

    ইংৰাজ যোৱাৰ পিছত ভাৰত স্বাধীন হল, দেশত বহুত পৰিৱৰ্তন ঘটিল । আগৰ দিনৰ পৰা হিন্দু মুছলমানৰ মাজত লুকাই চুৰকৈ চলা খানা পিনা সামাজিক ভাৱে আৰু হোটেলৰ যোগেদি খোৱা-লোৱাৰ ব্যৱস্থা হল । বংগদেশীয় ৰসগোল্লা, লালমোহন, চিংগাৰা আদি নানা মিটাইৰ প্ৰচলন হল, লুচী পুৰি সোমাই পৰিল । অসমীয়া মানুহে হোটেলত মাদ্ৰাজীৰ ডচা, চাম্বাৰ আৰু ইদলী খোৱা হল । জাত – কুলৰ বিচাৰ বিলোপ পালে । চুৱাৰ অন্ত হল । সকলোৱে একেলগে খোৱাত আপত্তি নকৰা হল । সামাজিক বাধা নিষেধ কমিল । হিন্দু মুছলমান সকলোৱে উৎসৱত যোগ দিয়া হল । মৰা জীয়াৰ খৱৰ লোৱা হল । মৰাশ সৎকাৰো ভাগ লোৱা হল । এই গোটেইবোৰ প্ৰক্ৰিয়া নিজ্ নিজ্ হোৱা প্ৰক্ৰিয়া । সেইবাবে ইয়াক স্বতঃপ্ৰণোদিত প্ৰক্ৰিয়া বোলা হৈছে ।

 

গ) এইয়া আছিল দিয়া-লোৱা আৰু এৰা-ধৰাৰ ব্যৱহাৰ 

 

উত্তৰ:- এই পাঠটিত লিখকে বাহিৰাগত সকলে অসম দেশখনক নিজ দেশ বুলি ভবা কথাৰ বিৱৰণ দিছে । বাহিৰৰ মানুহবোৰ যি ঠাইৰ পৰা মূলতে আহিছিল সেই ঠাইৰ লগত সম্বন্ধ ছেদ কৰি আমাৰ দেশৰ ভাষা সংস্কৃতি ক্ৰমান্বয়ে গ্ৰহণ কৰিলে । ই হৈছে এটা সংস্কৃতিসম্পন্ন জাতি আন এটা সংস্কৃতিসম্পন্ন জাতিৰ লগত মিলি যোৱাৰ ব্যৱস্থা । বহিৰাগত সকলে আমাৰ অসম দেসখনক নিজৰ বুলি ধৰি ললে । এই দেশৰ ভাষাক নিজৰ বুলি গ্ৰহণ কৰিলে । গতিকে সকলোৱে মিলি এটা বৃহৎ অসমীয়া জাতি হৈ পৰিল । লগে লগে সংস্কৃতিৰ পৰিৱৰ্তন হল । এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে । খোৱা বস্তু আৰু ৰন্ধনৰো পৰিৱৰ্তন হল । পোছক পৰিচ্ছদো পৰিৱৰ্তন হল । সদায় ব্যৱহাৰ কৰা আচবাব পত্ৰতো পৰিৱৰ্তন দেখা দিলে – নতুন সাজ-সজ্জা, আ- অলংকাৰ আহিল । এইবোৰ নিজে নিজে হৈছিল, কোনেও কাকো জোৰ কৰি জাপি দিয়া নাছিল ।

 

ভাষা – বিষয়কঃ

 ১/ সন্ধি ভাঙাঃ

সংস্কৃতি, জলাঞ্জলি, স্বাধীন

উত্তৰ:-

সংস্কৃতি  -- সম্  + কৃতি

জলাঞ্জলি – জল্  + অঞ্জলি

স্বাধীন    - - স্ব  + অধীন

 

২/ প্ৰ’  উপসৰ্গ লগ লগাই তিনিটা শব্দ গঠন কৰা ।

উত্তৰ:- প্ৰ’  উপসৰ্গ লগ লগাই তিনিটা শব্দ –

            প্ৰভাৱ

            প্ৰহাৰ

            প্ৰস্থান

 

৩/ বাক্য ৰচনা কৰা

ভাষা-সংস্কৃতি, পৃজা-পাৰ্বণ, বেপাৰ-বাণিজ্য, সহজ-সৰল, দিয়া-লোৱা, এৰা-ধৰা ।

উত্তৰ:-

ভাষা-সংস্কৃতি -  অসমীয়া ভাষা- সংস্কৃতিৰ সাধক হেমচন্দ্ৰ বৰুৱা হৈছে হেমকোষ’ অভিধানৰ প্ৰণেতা ।

 

পৃজা-পাৰ্বণ -  পৃজা-পাৰ্বণৰ অন্তত গৃহস্থই পুৰোহিতৰ আশিষ লৈ যাৱতীয় কাম-কাজত ব্যস্ত হল ।

 

বেপাৰ-বাণিজ্য -  ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে বেপাৰ – বাণিজ্যৰ উদ্দেশ্য ভাৰতলৈ আহি ইয়াত খোপনি পুতিছিল ।

 

 সহজ-সৰল -  সহজ – সৰল মনেৰে কঠোৰ লোকৰো হৃদয়  জিনিব পাৰি ।

 

দিয়া-লোৱা -  দিয়া-লোৱা অবিহনে বেপাৰ কেতিয়াও সম্ভৱ নহয় ।

 

এৰা-ধৰা -  এৰা – ধৰা কৰিব নোৱাৰিলে সমাজত চলা টান ।

            


     Published  By Lokesh Das

Class 10 Assamese  questions Answer.