প্ৰ শ্না ৱ লী
Class 10 Science NCERT Textbook – Page No 200
1.
এটা বৈদ্যুতিক
বৰ্তনী বুলিলে কি বুজা ?
উত্তৰ:- বৈদ্যুতিক প্ৰবাহৰ সোঁতবোৰৰ পৰা নিৰবিচ্ছিন্ন
আৰু বন্ধ পথক বৈদ্যুতিক বৰ্তনী বুলি কোৱা হয় ।
2.
প্ৰবাহৰ
এককৰ সংজ্ঞা দিয়া ।
উত্তৰ:- বিদ্যুৎ প্ৰবাহৰ এছ আই একক হৈছে
এম্পিয়াৰ (A) ।
এডাল পৰিবাহীৰ কোনো অমসৰে এক ছেকেণ্ডত এক কুলম্ব
আধান প্ৰবাহিত হ’লে পৰিবাহী ডালৰ মাজেৰে প্ৰবাহিত বিদ্যুৎ প্ৰবাহক এক এম্পিয়াৰ বুলি কোৱা
হয় ।
3.
এক
কুলম্ব আধান হ’বলৈ
প্ৰয়োজন হোৱা ইলেক্ট্ৰ’নৰ সংখ্যা গণনা কৰা ।
সমাধান
আমি জানোঁ যে,
এটা ইলেক্ট্ৰ’নৰ আধানৰ মান, e = 1.6 ×
10-19 C
মুঠ আধান, Q = 1C
ইলেক্ট্ৰ’নৰ সংখ্যা, n = ?
এতিয়া,

∴ n
= 6.25 × 1018 ইলেক্ট্ৰ’নৰ
গতিকে,
এক কুলম্ব আধান হ’বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰ’নৰ সংখ্যা 6.25×1018
= 6×1018
Class 10 Science NCERT Textbook – Page No 200
1. পৰিবাহীত
বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা ।
উত্তৰ:- পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম এটা বা ততোধিক
কোষযুক্ত বেটেৰী ।
2.
দুটা বিন্দুৰ
মাজৰ বিভৱভেদ 1V বুলি ক’লে কি বুজায় ?
উত্তৰ:- দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V বুলি কোৱাৰ অৰ্থ এয়ে যে 1 কুলম্ব ধণাত্মক বৈদ্যুতিক আধান পৰিবাহী এডালৰ এটা বিন্দু পৰা আন এটা বিন্দুলৈ চালিত কৰিবলৈ ।
3.
6V বেটেৰী
এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানক কিমান শক্তি দিয়া হয় ?
উত্তৰ:- প্ৰতি কুলম্ব আধানক দিয়া শক্তিৰ পৰিমাণ ইয়াক চালিত
কৰোঁতে সম্পাদন কৰা কাৰ্যৰ সমান ।
দিয়া
আছে,
V = 6V
আধান, Q = 1C
সম্পন্ন কৰা কাৰ্য w = ?
গতিকে,
দুটা বিন্দুৰ মাজৰ বিভৱভেদ
গতিকে,
6V বেটেৰী এটাৰ মাজেৰে চালিত
হওঁতে প্ৰতি কুলম্ব আধানক 6 J শক্তি দিয়া হয় ।
Class 10 Science NCERT Textbook – Page No 209
1. পৰিবাহী
ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰ:-` পৰিবাহী ৰোধ তলত দিয়া কাৰকৰ
ওপৰত নিৰ্ভৰ কৰে ।
(i)
পৰিবাহীৰ দৈৰ্ঘ্য : পৰিবাহীৰ ৰোধ (R) পৰিবাহীৰ দৈৰ্ঘ্য (l) ৰ সমানুপাতিক ।
R ∝ I
(ii)
পৰিবাহী প্ৰস্থচ্ছেদৰ কালি : পৰিবাহীৰ ৰোধ ইয়াৰ প্ৰস্থচ্ছেদ কালি (A)ৰ ব্যস্তানুপাতিক ।
R∝ I
(iii)
পৰিবাহী পদাৰ্থৰ প্ৰকৃতি : ভিন ভিন পদাৰ্থৰে নিৰ্মিত
পৰিবাহীয়ে ইয়াৰ মাজেদি চালিত প্ৰবাহত ভিন্ন্ পৰিমাণৰ ৰোধ আগবঢ়ায় ।
(iv)
পৰিবাহীৰ উষ্ণতা : পৰিবাহীৰ ৰোধ উষ্ণতা বঢ়াৰ
লগে লগে বাঢ়ে আৰু কমাৰ লগে লগে কমে ।
2. একেটা উৎসৰ লগত সংযোজিত, একে পদাৰ্থৰ এডাল শকত আৰু
এডাল ক্ষীণ তাঁৰৰ কোণডালত বেছি সহজে প্ৰৱাহ চলিত হয় ? আৰু
কিয় ?
উত্তৰ:- একেটা উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু
এডাল ক্ষীণ তাঁৰৰ ভিৰত শকত তাঁৰডালত বেছি সহজে প্ৰবাহ চালিত হয় ।
ইয়াৰ কাৰণ এয়ে যে এডাল তাঁৰৰ
ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ ব্যস্তানুপাতিক । গতিকে, এডাল
তাঁৰ যিমানে শকত হ’ব ইয়াৰ ৰোধ সিমানেই কম হ’ব
আৰু সেইবাবে ইয়াৰ মাজেদি অধিক পৰিমাণৰ প্ৰবাহ চালিত হ’ব ।
3. ধৰা হওঁক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱভেদ আগৰ মানৰ আধালৈ
কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিবৰ্তন হ’ব ?
উত্তৰ:- বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজেৰে চালিত প্ৰবাহৰ পৰিৱৰ্তন সম্পৰ্কে ওমৰ সূত্ৰই এনেদৰে প্ৰকাশ কৰে ।
V = IR
⇒ I = V/R
য’ত V = বিভৱভেদ
I =
প্ৰবাহ
R = বৈদ্যুতিক উপাদানৰ ৰোধ
গতিকে, ইয়াক প্ৰযোগ কৰি পাওঁ,
I =
½ V/R (বিভেদভেদ আগৰ মানৰ আধালৈ কমাওঁতে ৰোধৰ মান একে থাকে)
যিহেতু, বিভৱভেদ প্ৰবাহৰ মানৰ সমানুপাতিক, সেয়ে
বিভৱভেদ আগৰ মানৰ আধালৈ কমালে, প্ৰবাহৰ মানো আগৰ মানৰ আধালৈ কমিব ।
4. পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী
বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় ?
উত্তৰ:-
পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক
ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কাৰণ-
(i)
বিশুদ্ধ ধাতুতকৈ সংকৰ ধাতুৰ ৰোধকতা বেছি ।
(ii)
অধিক উষ্ণতাত সংকৰ ধাতুবোৰ সহজে জ্বলি নাযায় ।
5. তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া-
(a)
লো আৰু পাৰাৰ ভিতৰত কোনটো
অধিক ভাল পৰিবাহী ?
উত্তৰ:- পাৰাতকৈ
লো অধিক ভাল পৰিবাহী বুলি অভিহিত কৰিব পাৰি ।
(b)
কোনটো পদাৰ্থ আটাইতকৈ ভাল
পৰিবাহী ?
উত্তৰ:-
ৰূপ (Ag) আটাইতকৈ ভাল পৰিবাহী
।
Class 10 Science NCERT Textbook – Page No 213
1. প্ৰতিটোৰে 2 V কৈ তিনিটা কোষৰ এটা বেটেৰী, এটা 5 Ω ৰ ৰোধক, এটা 8 Ω ৰ ৰোধক, এটা 12 Ω ৰ ৰোধক আৰু এটা প্লাগ
চাবি শ্ৰেণীবদ্ধভাবে সংযোগ কৰি এটা বৰ্তনীৰ নক্সা অংকণ কৰা ।

2. ৰোধক কেইটাৰ মাজেৰে যোৱা প্ৰবাহ
জুখিবৰ বাবে এমিটাৰ আৰু 12 Ω ৰোধকটোৰ দুই মূৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা
ভল্টমিটাৰ সংযোগ কৰি 1 নং প্ৰশ্নত দিয়া বৰ্তনীটো পুনৰ অংকণ
কৰা । এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ’ব ?
উত্তৰ:-
Class 10 Science NCERT Textbook – Page No 216
1. নিম্নোক্তবোৰৰ
সমান্তৰাল সংযোজন ৰোধ নিৰ্ণয় কৰা ।-
(a) 1Ω আৰু 106Ω, (b) 1Ω, 103Ω আৰু 1061Ω
উত্তৰ:- ৰোধকেইটাকে সমান্তৰালভাৱে সংযোগ কৰিলে মুঠ ৰোধৰ প্ৰকাশ ৰাশি
গতিকে, নিৰ্ণেয় সমান্তৰাল সংযোজন ৰোধ 1Ω ।
(a) 1Ω, 103Ω আৰু 1061Ω
গতিকে, নিৰ্ণেয় সমান্তৰাল সংযোজন ৰোধ 1Ω ।
3. 100 Ω ৰ এটা বৈদ্যুতিক বাল্ব, 50 Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500 Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220 V উৎসৰ
লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্রি একেটা উৎসৰ লগত
সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ
কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হ’ব ?
সমাধান
ইয়াত,
বৈদ্যুতিক বাল্বটোৰ ৰোধ, R1 = 100 Ω
পাউৰুটি সেকা সঁজুলি ৰোধ,
R2 = 50 Ω
পানীৰ
ফিল্টাৰটোৰ ৰোধ, R3
= 500 Ω
উৎসৰ ভল্টেজ, V = 220V
বৰ্তনীটোৰ সমতুল্য ৰোধ, R2 = ?
বৰ্তনীটোৰ মাজেৰে
চালিত প্ৰবাহৰ মান I = ?
একে উৎসৰ লগত সংযোগ কৰা বৈদ্যুতিক ইস্ত্রিৰ ৰোধ, R = ?
ওমৰ সূত্ৰ অনুসৰি,
গতিকে তিনিওটা সঁজুলিয়ে লোৱা প্ৰবাহৰ মান 7.04 A ।
ওমৰ সূত্ৰ অনুসৰি,
V = IR
⇒ I = V/R
গতিকে, বিভৱভেদ V =
220V …….. (i)
ইয়াৰ মাজেৰে চালিত প্ৰবাহ I = 7.04 A ।
একেটা উৎসৰ লগত সংযোগ কৰা বৈদ্যুতিক ইস্ত্ৰিৰ ৰোধ, R = ?
(i)ৰ পৰা আমি পাওঁ,
⇒ R = 31.25
∴ R = 31.25 Ω
গতিকে, বৈদ্যুতিক ইস্ত্ৰিৰ ৰোধ 31.25 Ω আৰু ইয়াৰ মাজেৰে 7.04A প্ৰবাহ চালিত হৈছে ।
3. এটা বেটেৰীৰ
লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ
কৰিলে কি কি সুবিধা হয় ?
উত্তৰ:- এটা
বেটেৰীৰ লগত বৈদ্যুতিক সঁজুলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত
সংযোগ কৰিলে হোৱা সুবিধাসমূহ –
(i) সমান্তৰাল সজ্জাত
সংযোগ কৰিলে বিভিন্ন সঁজুলিত ভল্টেজৰ বিভাজন নোহোৱা হেতুকে প্ৰত্যেক
সঁজুলিতে ভল্টেজ একে থাকে ।
(ii) মুঠ কাৰ্যকৰী ৰোধৰ মান হ্ৰাস পায় ।
(iii) বৰ্তনীটোৰ উপাদান এটা বিকল হলে বৰ্তনীটো মুক্ত হৈ নাযায় ।
(iv) ভিন্ন প্ৰবাহৰ মানৰ প্ৰয়োজন হোৱা সঁজুলিবোৰ সমান্তৰালভাৱে
সংযোগ কৰাটো সুবিধাজনক । এনে প্ৰত্যক সজুলিতে একোটা এন-অফ চাবিৰ ব্যৱস্থা সম্ভৱ ।
4. 2Ω, 3 Ω আৰু 6Ω ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ (a)
4 Ω আৰু (b) 1 Ω পোৱা যাব ?
সমাধান (a) মুঠ ৰোধ 4 Ω ৰ প্ৰাপ্তি
মুঠ ৰোধ 4Ω পাবলৈ 3Ω আৰু 6Ω ৰ ৰোধকক দুটা সমান্তৰালভাৱে আৰু 2Ωৰ ৰোধকক শ্ৰেণীবদ্ধ সংযোগ কৰিব লাগিব ।
ইয়াত, মুঠ ৰোধ
R = R1+ R1
R1 =2Ω
R2 = 3Ω
R3 = 6Ω
ওমৰ সূত্ৰ প্ৰয়োগ কৰি
(b) মুঠ ৰোধ 1
Ωৰ প্ৰাপ্তি
মুঠ ৰোধ 1Ω পাবলৈ 2Ω আৰু 3Ω ৰ ৰোধকক দুটা সমান্তৰালভাৱে আৰু 6Ωৰ ৰোধকক শ্ৰেণীবদ্ধ সংযোগ কৰিব লাগিব ।
ওমৰ সূত্ৰ প্ৰয়োগ কৰি
ইয়াত, মুঠ R ৰোধ
5. 4Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা (a) সর্বোচ্চ
আৰু (b) সর্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'ব ?
সমাধান
(a) 4Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী শ্ৰেণীবদ্ধভাৱে
সংযোজিত কৰি সৰ্বোচ্চ মুঠ ৰোধ পাব পাৰি ।
∴ মুঠ ৰোধ R
= R1 + R2
+ R3 + R4
= 4+8+12+24
= 48Ω
গতিকে, সৰ্বোচ্চ মুঠ ৰোধ মান 48Ω ।
(b) 4Ω, 8Ω, 12Ω আৰু 24Ω ৰোধৰ চাৰিটা কুণ্ডলী পৰস্পৰ সমান্তৰালভাৱে সংযোজিত কৰি
সৰ্বনিম্ন মুঠ ৰোধ পাব পাৰি ।
∴ মুঠ ৰোধ R ৰ প্ৰকাশ ৰাশি
গতিকে, সৰ্বনিম্ন মুঠ ৰোধৰ মান 2 Ω
Class 10 Science NCERT Textbook – Page No 218
1. বৈদ্যুতিক হিটাৰৰ তাপ উপাদনডাল (heating
element) দীপ্ত হয়; কিন্তু সংযোগী তাঁৰবোৰ এনে
নহয়, কিয় ?
উত্তৰ বৈদ্যুতিক হিটাৰৰ তাপ
উপাদনডাল (heating element) উচ্চ ৰোধকতাবিশিষ্ট পদাৰ্থৰে নিৰ্মিত, আনহাতে সংযোগী তাঁৰবোৰ নিম্ন
ৰোধকতাবিশিষ্ট পদাৰ্থৰে নিৰ্মিত । তাপীয় ক্ৰিয়াৰ জুলৰ সুত্ৰ অনুসৰি ৰোধকত উৎপন্ন
হোৱা তাপ ৰোধৰ সমানুপাতিক । গতিকে, তাপ উপাদানডালৰ মাজেৰে প্ৰবাহ চালিত হলে ই উত্তপ্ত হৈ ৰঙা পৰি
দীপ্ত হয়, কিন্তু সংযোগী তাঁৰবোৰ পৰ্যপ্ত পৰিমাণে উত্তপ্ত নোহোৱাৰ বাবে এই বিলাক
দীপ্ত নহয় ।
2. 9600
কুলম্ব আধান 1 ঘণ্টাত 50 V বিভৱভেদৰ মাজেৰে সঞ্চালিত হ’লে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা ।
সমাধান
তাপীয় ক্ৰিয়াৰ জুলৰ অনুসৰি
উৎপন্ন হোৱা তাপৰ পৰিমাণ :
H = VIt ……….
(i)
ইয়াত,
বিভৱভেদ V = 50V
সময়, t =
1 ঘণ্টা = 60 মিনিট
= (60×60) ছেকেণ্ড
আধান, Q = C
প্ৰবাহ, I = ?
(i)ৰ পৰা আমি পাওঁ,
H = VIt
গতিকে, 9600 কুলম্ব আধান 1
ঘণ্টাত 50V বিভৱভেদৰ
মাজেৰে সঞ্চাৰিত হলে উৎপাদিত তাপৰ পৰিমাণ 4.8 ×106J .
3. 20
Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 50
A প্ৰবাহ লয়। 30 ছেকেণ্ডতত উৎপন্ন হোৱা তাপৰ
পৰিমাণ গণনা কৰা ।
সমাধান তাপীয় ক্ৰিয়াৰ জুলৰ অনুসৰি উৎপন্ন হোৱা
তাপৰ পৰিমাণ :
H = I2RT ………. (i)
ইয়াত,
প্ৰবাহৰ মান, I = 5A
ৰোধ, R = 20 Ω
সময়, t = 30
(i) ৰ পৰা পাওঁ
⇒ H = I2RT
⇒ H = 52 × 20 × 30
⇒ H =
25 × 20 × 30
⇒ H = 1.5 × 104
∴
H = 1.5 × 104 J
গতিকে, 30 ছেকেণ্ডত উৎপন্ন হোৱা হোৱা তাপৰ
পৰিমাণ 1.5 × 104 J ।
Class 10 Science NCERT Textbook – Page No 220
1.
এটা বৈদ্যুতিক প্ৰবাহে
যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে ?
উত্তৰ এটা
বৈদ্যুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ তলত দিয়া কাৰককেইটাই নিৰূপন কৰে –
(i)
বৰ্তনীৰ
বৈদ্যুতিক ক্ষমতা বা ৰোধ, আৰু
(ii)
সময় ।
2.
এটা বৈদ্যুতিক মটৰে
220 V লাইনৰ পৰা 5 A প্ৰৱাহ লয়। মটৰটোৰ ক্ষমতা
আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা।
উত্তৰ দিয়া আছে,
বিভৱভেদ,V = 220
V
প্ৰবাহ, I =
5 A
ক্ষমতা P =
?
আমি জানোঁ যে,
P = VI
⇒ P = 220 × 5
⇒ P = 1100
⇒ P = 1100 W
গতিকে, বৈদ্যুতিক মটৰটোৰ ক্ষমতা 1100 W ।