Light - Reflection And Refraction Class 10 General Science In Assamese Medium .

পোহৰ - প্ৰতিফলন আৰু প্ৰতিসৰণ
প্ৰ শ্না ৱ
লী
Class 10 Science NCERT
Textbook – Page 168
1. অৱতল দাপোণৰ মূখ্য ফ’কাছৰ সংজ্ঞা
দিয়া ।
উত্তৰ:- অৱতল দাপোণৰ যি বিন্দুত অসীমৰ পৰা মূখ্য
অক্ষৰ সমান্তৰালভাৱে আপতিত হোৱা ৰশ্মিয়ে প্ৰতিফলনৰ পাছত যি বিন্দুত কটাকটি কৰে, সেই বিন্দুটোৱেই হৈছে অৱতল দাপোণৰ মূখ্য ফ’কাছ । ইয়াক ‘F’ আখৰেৰে বুজেৱা হয় ।
2. গোলাকাৰ দাপোন এখনৰ ভাঁজ
ব্যাসাৰ্ধ 20 ছেমি । ইয়াৰ ফকাছ দৈৰ্ঘ্য
কিমান ?
সমাধান:- ইয়াত ,
ভাঁজ ব্যাসাৰ্ধ R = 20 ছেমি
ফকাছ দৈৰ্ঘ্য f = ?
আমি
জানো যে ,
গোলাকাৰ দাপোণৰ ক্ষেত্ৰত ,
ভাঁজ ব্যাসাৰ্ধ = 2 x ফকাছ দৈৰ্ঘ্য
⇒ R = 2f
গতিকে , প্ৰদত্ত গোলাকাৰ
দাপোনখনৰ ফ’কাছ দৈৰ্ঘ্য (f) 10 ছে: মি: ।
3. এখন দাপোনৰ নাম কোৱা , যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে ।
উত্তৰ :- অৱতল দাপোন ।
4. গাড়ীৰ পিছলৈ ছোৱা দাপোণ
হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয় ।
উত্তৰ:- উত্তল দাপোন সদায় সংকুচিত, থিয় আৰু অসৎ প্ৰতিবিম্ব গঠন কৰে, তদুপৰি উত্তল দাপোন যিহেতু বাহিৰলৈ বেঁকা
গতিকে ইয়াৰ দৃষ্টি
ক্ষেত্ৰ বহল । সেয়হে চালকে নিৰাপদে গাড়ী চলাব পাৰে
আৰু সেইবাবে গাড়ীৰ পিছলৈ চোৱা দাপোণ
হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয় ।
Class10 Science NCERT Textbook – Page 171
1. 32 cm ভাঁজ
ব্যাসাৰ্ধ উত্তল দাপোনএখন ফ’কাছ দৈৰ্ঘ্য
নিৰ্ণয় কৰা ।
সমাধান:- ইয়াত ,
ভাঁজ ব্যাসাৰ্ধ R = +32 ছেমি
(উত্তল
দাপোনৰ ক্ষেত্ৰত R আৰু f উভয়ে ধনাত্মক )
ফ’কাছ দৈৰ্ঘ্য ,f = ?
আমি
জানো,
ভাঁজ ব্যাসাৰ্ধ 2 x ফ’কাছ দৈৰ্ঘ্য
⇒ R = 2f
গতিকে
, উত্তল দাপোনখনৰ ফ’কাছ দৈৰ্ঘ্য (f) 16 ছে : মি ।
2. অৱতল দাপোন এখনে ইয়াৰ সন্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে । প্ৰতিবিম্বটোৰ অৱস্থান অৱস্থান কি ?
সমাধান:-
ইয়াত ,
বিবৰ্ধন , m =
-3 (যিহেতু প্ৰতিবিম্বটো সৎ )
লক্ষ্যবস্তুৰদূৰত্ব u = 10 ছে:মি:
প্ৰতিবিম্বৰ দূৰত্ব v = ?
আমি জানো যে ,
গতিকে , অৱতল দাপোনখনৰ সন্মুখৰফালে 30 ছে:মি: দূৰত্বত এটা ওলোটা প্ৰতিবিম্ব গঠন
হয় (ঋণাত্মক চিনে দাপোনখনৰ বাওঁফালে নিৰ্দেশ কৰিছে), অৰ্থাৎ প্ৰতিবিম্বটো লক্ষ্যবস্তুৰ থকাফালে অৱস্থিত ।
Class 10 Science NCERT Textbook – Page 176
1. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে ।
পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰলৈ ববেঁকা হ’ব ? কিয় ?
উত্তৰ: পোহৰৰ
ৰশ্মিডাল উলম্বৰ কাষলৈ বেঁকা হ’ব ।
এডাল
পোহৰৰ ৰশ্মিয়ে আলোকীভাৱে লঘুতৰ মাধ্যমৰ পৰা ঘনতৰ মাধ্যমত প্ৰৱেশ কৰিলে পোহৰৰ দ্ৰতি
হ্ৰাস পায় আৰু ই উলম্বৰ পিনে বেঁকা হয় । যিহেতু পানী বায়ুতকৈ আলকায়ভাৱে ঘনতৰ
মাধ্যম সেয়ে বায়ুৰ মাজেৰে অতিক্ৰম কৰি অহা পোহৰৰ ৰশ্মিয়ে পানীত প্ৰৱেশ কৰিলে
উলম্বৰ দিশলৈ বেঁকা হয় ।
2. পোহৰ বায়ুৰ পৰা 1.5 প্ৰতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে । কাঁচত পোহৰৰ
দ্ৰতি কিমান হ’ব ? শূণ্যত পোহৰৰ দ্ৰতি 3 x 108 m প্ৰতি ছেকেণ্ড ।
সমাধান:-
ইয়াত ,
কাঁচৰ প্ৰতিসাৰণাংক , ng = 1.50
শূণ্যত পোহৰৰ দ্ৰুতি c = 3×108ms-1
কাঁচত পোহৰৰ দ্ৰুতি , v = ?
আমি জানো,
গতিকে,
কাঁচত পোহৰৰ দ্ৰুতি 2×108ms-1
।
3. তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা । আটাইতকৈ
কম আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা ।
ক্ৰমিক নং |
দ্ৰব্যত্মক মাধ্যম |
প্ৰতিসৰণাংক |
ক্ৰমিক নং |
দ্ৰব্যত্মক মাধ্যম |
প্ৰতিসৰণাংক |
1. |
বায়ু |
1.0003 |
9. |
ক্ৰাউন কাঁচ |
1.52 |
2. |
বৰফ |
1.31 |
10. |
কানাডা বাছলাম |
1.53 |
3. |
পানী |
1.33 |
11. |
শৈল লৱণ |
1.54 |
4. |
এলক’হল |
1.36 |
12. |
কাৰ্বন-ডাই অক্সাইড |
1.63 |
5. |
কেৰাচিন |
1.44 |
13. |
ঘন ফ্ৰিণ্ট কাঁচ |
1.65 |
6. |
গলিত কোৱাৰ্টজ |
1.46 |
14. |
ৰুবী |
1.71 |
7. |
টাৰপেনটাইন তেল |
1.47 |
15. |
চেফায়াৰ |
1.77 |
8. |
বেনজিন |
1.50 |
16. |
হীৰা |
2.42 |
উত্তৰ :
এটা
মাধ্যমৰ পোহৰ প্ৰতিসৰণ কৰিব পৰা সামৰ্থ্য পৰিমপ কৰিবলৈ আলোকী ঘনত্বৰ ব্যৱহাৰ কৰা
হয় । সংশ্লিষ্ট মাধ্যমৰ প্ৰতিসাৰণাংকৰ সৈতে ই প্ৰত্যেক্ষ ভাৱে জড়িত । গতিকে , সৰ্বোচ্চ প্ৰতিসাৰণাংক বিশিষ্ঠ মাধ্যমৰ আলোকী ঘনত্ব সৰ্বোচ্চ আৰু
সৰ্বোচ্চ আলোকী ঘনত্ব বিশিষ্ট মাধ্যমৰ প্ৰতিসাৰণাংক
সৰ্বোচ্চ ।
তালিকা 10.3 ত দেখা গল যে হীৰাৰ প্ৰতিসাৰণাংক সৰ্বোচ্চ
(2.42) গতিকে , সৰ্বোচ্চ
আলোকী ঘনত্বৰ মাধ্যমটো হৈছে হীৰা ।
একেদৰে , বায়ুৰ আলোকী ঘনত্ব আটাইতকৈ কম কিয়নো ইয়াৰ
প্ৰতিসাৰণাংক আটাইতকৈ কম (1.0003) ।
4. তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে । এই মাধ্যম কেইটাৰ কোনটোত
পোহৰৰ দ্ৰুতি সৰ্বোচ্চ ? তালিকা -10.3 ত দিয়া তথ্য মতে ব্যৱহাৰ কৰা ।
সমাধান:-
একোটা মাধ্যমত পোহৰৰ দ্ৰুতি সেই মাধ্যমৰ
প্ৰতিসৰণাংকৰ সম্পৰ্ক হিচাপে প্ৰকাশ কৰা হয় ।
এতিয়া,
এটা মাধ্যমৰ প্ৰতিসৰণাংক,

ওপৰৰ সম্পৰ্কটোৰ পৰা ব্যক্ত কৰিব পাৰি যে
নিম্নতম প্ৰতিসাৰণংকৰ মাধ্যমত পোহৰে সৰ্বাধিক দ্ৰুতিৰে গতি কৰে আৰু সৰ্বাধিক
প্ৰতিসাৰণাংকৰ মাধ্যমত পোহৰে নিম্নতম দ্ৰুতিৰে গতি কৰে ।
তালিকা 10.3 ৰ পৰা আমি পাওঁ,
কেৰাচিনৰ প্ৰতিসাৰণাংক = 1.44
টাৰপেনটাইন তেলৰ প্ৰতিসাৰণাংক = 1.47
পানীৰ প্ৰতিসাৰণাংক = 1.33
গতিকে , প্ৰদত্ত তিনিটা মাধ্যমৰ ভিতৰত পানীৰ
প্ৰতিসৰণাংক আটাইতকৈ কম । গতিকে, পানীত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ ।
5.
হীৰাৰ প্ৰতিসাৰণাংক 2.42 । এই উক্তিটোৰ অৰ্থ কি ?
সমাধান:-
এটা মাধ্যমৰ প্ৰতিসৰণাংক (nm), সেই
মাধ্যমটোত পোহৰৰ দ্ৰুতি (v) আৰু বায়ুত পোহৰৰ দ্ৰুতি (c) ৰে সম্পৰ্কিত । ইয়াক এনেদৰে প্ৰকাশ কৰিব
পাৰি ।
এটা মাধ্যমৰ প্ৰতিসৰণাংক,
হীৰাৰ
প্ৰতিসাৰণাংক 2.42 । ইয়াৰ অৰ্থে এয়ে যে হীৰাত পোহৰৰ দ্ৰুতি
বায়ুত পোহৰৰ দ্ৰুতিৰ ½.42 গুণ ।
Class 10 Science NCERT Textbook – Page 184
1. লেন্ছ এখনৰ 1 ডায়’প্টাৰ
ক্ষমতাৰ সংজ্ঞা দিয়া ।
উত্তৰ:- ডায়’প্টাৰ হৈছে এখন লেন্ছৰ ক্ষমতাৰ S.I (এছ আই একক) । ইয়াক D আখৰেৰে সুচোৱা হয়।
এখন লেন্ছৰ ক্ষমতা 1 ডায়’প্টাৰ হ’ব যদিহে ইয়াৰ ফ’কাছ লেন্ছৰ দৈৰ্ঘ্য 1 মিটাৰ হয় ।
∴ 1D = 1m-1
2. উত্তল লেন্ছ এখনে বেজী এটাৰ সত
আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে । যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ
আকাৰৰ সমান হয় , তেন্তে লক্ষ্যবস্তুটো উত্তল
লেন্ছৰ সন্মুখত ক’ত ৰখা হৈছিল ? নিৰ্ণয় কৰা ।
সমাধান:
ইয়াত,
প্ৰতিবিম্বৰ দূৰত্ব, v = 50ছেমি
লক্ষ্যবস্তুৰ দূৰত্ব , u = ?
ক্ষমতা , P = ?
যিহেতু প্ৰতিবিম্বটো সৎ আৰু লক্ষ্যবস্তু (বেজী ) ৰ আকাৰৰ সমান ।
গতিকে, লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সন্মুখত 50 ছে:মি: দূৰত্বত ৰখা হৈছিল ।
এতিয়া,
আমি জানো যে,
f = +25
গতিকে, উত্তল লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য +25 ছে:মি: বা +0.25 মি
এতিয়া,
গতিকে, লেন্ছখনৰ ক্ষমতা + 4.0D
3. 2m ফ’কাছ
দৈৰ্ঘ্যৰ অৱতল লেন্ছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা ।
সমাধান:
ইয়াত,
ফ’কাছ দৈৰ্ঘ্য, f = -2m
(অৱতল লেন্ছৰ ফ’কাছ দৈৰ্ঘ্য ঋণাত্মক )
এতিয়া,
গতিকে, অৱতল
লেন্ছখনৰ ক্ষমতা -5.0D ।
অ ণু শী ল নী
1.
তলত দিয়া কোনটো পদাৰ্থ লেন্ছ তৈয়াৰ কৰিবলৈ
ব্যৱহাৰ কৰিব নোৱাৰি ?
(a)
পানী (b) কাঁচ (c) প্লাষ্টিক (d) মৃত্তিকা
উত্তৰ : (d) মৃত্তিকা ।
2. অৱতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল । লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব ?
a.
মূখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত
b.
ভাঁজ কেন্দ্ৰত
c.
ভাঁজ কেন্দ্ৰৰ বাহিৰত
d.
দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছ মাজত ।
উত্তল : (d) দাপোণৰ
মেৰু আৰু তাৰ মুখ্য ফ’কাছ মাজত ।
3. লক্ষ্যবস্তুৰ সমান
আকাৰৰ সত প্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো উত্তল লেন্ছৰ সন্মুখত কোন স্থানত ৰাখিব
লাগিব ?
a.
লেন্ছৰ মূখ্য ফ’কাছত
b.
ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
c.
অসীমত
d.
লেন্ছৰ আলোক কেন্দ্ৰ আৰু
মূখ্য ফ’কাছৰ মাজত
উত্তৰ : (b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
4. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ
লেন্ছ প্ৰত্যেকৰে ফ’কাছ দৈৰ্ঘ্য -15 cm । দাপোণ আৰু লেন্ছৰ প্ৰকৃত কেনেকুৱা হ’ব পাৰে ?
a.
দুয়োখন অৱতল
b.
দুয়োখন উত্তল
c.
দাপোণখন অৱতল লেন্ছখন উত্তল
d.
দাপোণখন উত্তল লেন্ছখন অৱতল
উত্তৰ : (a) দুয়োখন অৱতল
5. দাপোণ এখনৰ পৰা যিমানে
দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় । দাপোনখন কেনেকুৱা হ’ব পাৰে ?
a. সমতল
b. অৱতল
c. উত্তল
d. হয় লমতল নতুবা উত্তল ।
উত্তৰ : (d) হয় লমতল
নতুবা উত্তল ।
6. অভিধানত থকা সৰু সৰু
আখবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্ছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা ?
a. 50 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ
b. 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ
c. 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেন্ছ
d. 50 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেন্ছ
7. 50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোন এখন ব্যৱহাৰ কৰি
আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো । দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ
কিমান হোৱা উচিত ? প্ৰতিবিম্বৰ প্ৰকৃতি
কি হ’ব ? প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু ? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ
বাবে এটা ৰশ্মিচিত্ৰ আঁকা ।
উত্তৰ:- অৱতল দাপোন এখন ব্যৱহাৰ কৰি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো মেৰু (P) আৰু মূখ্য ফ’কাছ (F) ৰ মাজত ৰাখিব লাগিব । গতিকে , দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ 0 (শূণ্য) তকৈ ডাঙৰ , কিন্তু 50 ছেমিতকৈ কম ।

প্ৰতিবিম্বৰ প্ৰকৃতি :
গঠন হোৱা প্ৰতিবিম্বটো সত আৰু
থিয় ।
প্ৰতিবিম্বৰ আকাৰ :
প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ
ডাঙৰ ।
8. তলত দিয়া পৰিস্থিসমূহত ব্যৱহাৰ কৰা দাপোণৰ
প্ৰকাৰ লিখা-
a. গাড়ীৰ হেডলাইট
b. গাড়ীৰ পিছলৈ চোৱা দাপোণ
c. সৌৰ ভাঁতী
উত্তৰ : (a) গাড়ীৰ হেডলীইট : অৱতল দাপোন
কাৰণ : উচ্চ
প্ৰাবল্যৰ সমান্তৰাল ৰশ্মিগুচ্ছ উতপন্ন কৰিবলৈ গাড়ীৰ হেডলাইটত অৱতল দাপোনক
প্ৰতিফলক হিচাপে ব্যৱহাৰ কৰা হয় । অৱতল দাপোনৰ ফ’কাছত বাল্ব
স্থাপন কৰিলে বাল্বৰ পোহৰৰ ৰশ্মিগুচ্ছ অৱতল দাপোণত প্ৰতিফলিত হৈ সমান্তৰাল
ৰশ্মিগুচ্ছ হিচাপে গতি কৰে ।
(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ : উত্তল দাপোন ।
কাৰণ : গাড়ীৰ পিছলৈ চোৱা
দাপোণ হিচাপে উত্তল দাপোণ ব্যৱহাৰ কৰা হয় কাৰণ উত্তল দাপোণে লক্ষ্যবস্তুৰ
এটা থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে বাবে যান-বাহনৰ পিছফালৰ বিস্তূত দৃশ্য এখন
ক্ষুদ্ৰ দাপোণতে চাব পৰা যায় ।
(c) সৌৰ ভাঁতী : অৱতল দাপোণ ।
কাৰণ : অৱতল দাপোনে অভিসাৰী হোৱা হেতুকে সৌৰ ভাঁতী উত্তপ্ত কৰিবলৈ বৃহৎ আকাৰৰ অৱতল দাপোন ব্যৱহাৰ কৰা হয় । বৃহৎ আকাৰৰ অৱতল প্ৰতিফলকৰ ফ’কাছত সৌৰ ভাঁতী স্থাৰন কৰা হয় । অসীমৰ পৰা আপতিত হোৱা সূৰ্যৰ পোহৰৰ সমান্তৰাল ৰশ্মিগুচ্ছ অৱতল প্ৰতিফলকত প্ৰতিফলিত হৈ মুখ্য ফ’কাছলৈ অৰ্থাৎ সৌৰ ভাঁতীলৈ অভিসাৰীত হয় । ফলস্বৰূপে, সৌৰ ভাঁতী উত্তপ্ত হৈ পৰে আৰু প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে ।
9. উত্তল লেন্ছ এখনৰ অৰ্ধাংশ কলা কাগজৰে ঢাকি
দিয়া হ’ল । এই লেন্ছখনে বস্তু
এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে ?
উত্তৰ : হয়, উত্তল লেন্ছ এখনৰ অৰ্ধাংশ কলা কাগজৰে ঢাকি দিলেও লেন্ছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰে ।
10. 5 cm ৰ্দৈঘ্য় বস্তু এটা 10 cm ফ’কাচ দৈঘ্য়ৰ অভিসাৰী লেনৃছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু প্ৰতিবিম্বৰ
অৱস্থান, আকাৰ আৰু প্ৰকৃতি
নিৰ্ণয় কৰা ।
সমাধান :
ইয়াত,
লক্ষ্যবস্তুৰ আকাৰ, h = 5 ছে:মি:
লক্ষ্যবস্তুৰ
দূৰত্ব, u = -25 ছে:মি:
ফ’কাছ দৈৰ্ঘ্য, f = 10 ছে:মি:
[ উত্তল লেন্ছৰ
ক্ষেত্ৰত ফ’কাছ দৈৰ্ঘ্য ধনাত্মক ]
লক্ষ্যবস্তুৰ দূৰত্ব, = ?
লক্ষ্যবস্তুৰ আকাৰ, = ?
আমি জানো,
লেন্ছৰ সূত্ৰ অনুসৰি,
প্ৰতিবিম্বৰ
দূৰত্বৰ ধনাত্মক মানে সূচায় যে লেন্ছৰ আনটো ফালে 16.7 ছে:মি: দূৰত্বত এটা সৎ প্ৰতিবিম্বৰ গঠন হয় ।
আকৌ, আমি জানো যে,

11. 15 cm ফ’কাছ দৈৰ্ঘ্য অৱতল লেনছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে ।
লক্ষ্যবস্তুটো লেন্ছৰ পৰা কিমান দূৰত্বত আছে ? ৰশ্মিচিত্ৰ আঁকা ।
সমাধান :
ইয়াত,
ফ’কাছ দৈৰ্ঘ্য f = -15 ছে:মি:
[ অৱতল লেন্ছৰ ক্ষেত্ৰত ফ’কাছ দৈৰ্ঘ্য ঋণাত্মক ]
প্ৰতিবিম্বৰ
দূৰত্ব, v = -10 ছে:মি:
[যিহেতু অৱতল লেন্ছে
গঠন কৰা প্ৰতিবিম্বটো অসৎ]
লক্ষ্যবস্তু দূৰত্ব, u = ?
আমি জানো,
লেন্ছৰ সূত্ৰ অনুসৰি,
গতিকে,
লক্ষ্যবস্তুৰ দূৰত্বৰ ঋণাত্মক মানে সূচায় যে লক্ষ্যবস্তুটো অৱতল লেন্ছখনৰ সন্মুখত
30 ছেমি দূৰত্বত ৰখা হৈছে ।

12. 15 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোন এখনৰ পৰা 10 cm দূৰত্ব বস্তু এটা ৰখা হ’ল । প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰিণয় কৰা ।
সমাধান :
ইয়াত ,
লক্ষ্যবস্তুৰ দৈৰ্ঘ্য = + 15 ছে মি
ফকাছ দৈৰ্ঘ্য = 15 ছে মি
প্ৰতিবিম্বৰ দূৰত্ব = ?
আমি জানো,
দাপোণৰ সূত্ৰ অণুসৰি,
গতিকে,
প্ৰতিবিম্ব দূৰত্বৰ ধণাত্মক মানে সূচায় যে উত্তল দাপোনখনৰ পিছফালে প্ৰতিবিম্ব গঠিত
হৈছে ।দাপোনখনৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব 6 ছে:মি: ।
আকৌ, আমি জানো,
গতিকে, বিবৰ্ধন
ধণাত্মক মানে সূচায় যে গঠন হোৱা প্ৰতিবিম্বটো অসৎ আৰু থিয় ।
13. সমতল দাপোণে +1 বিবৰ্ধন দিয়ে । ইয়াৰ অৰ্থ কি ?
সমাধান :
সমতল দাপোনে কৰা
বিৰ্বধন এনেদৰে প্ৰকাশ কৰা হয় –
[দিয়া আছে সমতল
দাপোণৰ ক্ষেত্ৰত, m= + 1 ]
∴ h' = h
ইয়াৰ অৰ্থ এয়ে যে প্ৰতিবিম্বৰ
আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান । তদুপৰি, বিৰ্বধন ধণাত্মক মানে সূচায় যে প্ৰতিবিম্বটো
অসৎ আৰু থিয় ।
14. 30 cm ভাঁজ ব্যসাৰ্ধৰ উত্তল দাপোণ এখনৰ সন্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ’ল । প্ৰতিবিম্বৰ অৱস্থান , ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা ।
সমাধান : ইয়াত,
লক্ষ্যবস্তুৰ আকাৰ, h = 5.0 ছে:মি:
লক্ষ্যবস্তুৰ
দূৰত্ব, u = -20 ছে:মি:
ভাঁজ ব্যাসাৰ্ধ, R = + 30 ছে:মি:
[ উত্তল দাপোণৰ ক্ষেত্ৰত R
ধণাত্মক ]
প্ৰতিবিম্বৰ
দূৰত্ব, v = ?
প্ৰতিবিম্বৰ
আকাৰ, = ?
আমি জানো,
দাপোণৰ সূত্ৰ অনুসৰি,
গতিকে, প্ৰতিবিম্বৰ দূৰত্বৰ
ধনাত্মক মানে সূচায় যে উত্তল দাপোনৰ পিছফালে প্ৰতিবিম্বটো গঠিত হৈছে । দাপোনৰ পৰা
প্ৰতিবিম্বৰ দূৰত্বৰ 8.57 ছে:মি: । যিহেতু প্ৰতিবিম্বটো উত্তল দাপোনৰ পিছফালে গঠিত হৈছে, ই অসৎ
আৰু থিয় ।
আকৌ, আমি জানো,
15. 18 cm ফ’কাছ দৈৰ্ঘ্য়ৰ অৱতল দাপোন এখনৰ সন্মুখত 27 cm দূৰত্বত 7 cm আকাৰৰ বস্তু এটা ৰখা হৈছে । দাপোনখনৰ পৰা
কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব ? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা
।
সমাধান : ইয়াত,
লক্ষ্যবস্তুৰ আকাৰ, h = 7.0 ছে:মি:
লক্ষ্যবস্তুৰ
দূৰত্ব, u = -27ছে:মি:
ফ’কাছ দৈৰ্ঘ্য, f = - 18 ছে:মি:
[ অৱতল
দাপোনৰ ফ’কাছ দৈৰ্ঘ্য ঋণাত্মক ]
প্ৰতিবিম্বৰ
দূৰত্ব, v = ?
প্ৰতিবিম্বৰ
আকাৰ, = ?
আমি জানোঁ,
দাপোণৰ সূত্ৰ অনুসৰি,
গতিকে, প্ৰতিবিম্বৰ দূৰত্বৰ ঋনাত্মক
মানে সূচায় যে স্পষ্ট প্ৰতিবিম্বৰ গঠনৰ বাবে পৰ্দাখন অৱতল দাপোণৰ বাওঁফালে
(লক্ষ্যবস্তু থকাফালে) ৰাখিব লাগিব । দাপোণখনৰ পৰা পৰ্দাখন দুৰত্ব হ’ব লাগিব 54 ছে:মি: ।
আকৌ, আমি জানো,
গতিকে, প্ৰতিবিম্বৰ আকাৰ 14
ছে:মি: ।
প্ৰতিবিম্বৰ আকাৰ ঋণাত্মক
মানে সূচায় যে প্ৰতিবিম্বটো সৎ আৰু ওলোটা ।
16. -2.0 D ক্ষমতাৰ লেন্ছ এখনৰ ফ’কাছ ৰ্দৈঘ্য় কিমান ? লেন্ছখনৰ প্ৰকৃতি কেনেকুৱা ?
সমাধান : ইয়াত,
লেন্ছখনৰ
ক্ষমতা, P = - 2.0 D
লেন্ছখনৰ ফ’কাছ দৈৰ্ঘ্য f = ?
আমি জানোঁ,
∴ f = - 0.50 m
ফ’কাছ দৈৰ্ঘ্য = -0.50 m
গতিকে, ফ’কাছ দৈৰ্ঘ্য ঋণাত্মক মানে সূচায় যে প্ৰদত্ত লেন্ছখন অৱতল লেন্ছ ।
17. ডাক্তৰে এজনে বিধান দিয়া সংশোধনীমূলক লেন্ছৰ ক্ষমতা +1.5 D । লেন্ছখনৰ ফ’কাছ ৰ্দৈঘ্য় নিৰ্ণয় কৰা । এই লেন্ছখন
অভিসাৰী নে অপসাৰী ?
সমাধান : ইয়াত,
লেন্ছখনৰ
ক্ষমতা, P = - 2.0 D
লেন্ছখনৰ ফ’কাছ দৈৰ্ঘ্য f = ?
আমি জানোঁ,
গতিকে, ফ’কাছ দৈৰ্ঘ্য ধণাত্মক মানে সূচায় যে বিধান দিয়া সংশোধনী লেন্ছখন অভিসাৰী লেন্ছ । (উত্তল লেন্ছ) ।
Published By Lokesh Das
Class 10 Science questions Answer.