Class 10 Science Chapter 5 Periodic Classification of Elements.

প্ৰ শ্না ৱ লী
Class 10 Science NCERT Textbook – Page No 81
1. নিউলেণ্ডৰ
অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ ট্ৰায়াড আছিলনে ? তুলনা কৰা আৰু বিচাৰি উলিওৱা ।
উত্তৰ:- নিউলেণ্ডছৰ
অষ্টকৰ স্তম্ভবোৰত ড’বাৰেইনাৰৰ এটা ট্ৰায়াড আছিল । সেয়া হ’ল -
ড’বাৰেইনাৰৰ এটা ট্ৰায়াড |
||
মৌল |
চিহ্ন |
পাৰমাণৱিক
ভৰ |
লিথিয়াম ছ’ডিয়াম পটেছিয়াম |
Li Na K |
6.9 23.0 39.0 |
2. ড’বাৰেইনাৰৰ
শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?
উত্তৰ:- ড’বাৰেইনাৰৰ
শ্ৰেণীবিভাজনৰ সীমাবদ্ধতাসমূহ হ’ল-
(i) ড’বাৰেইনাৰে মাত্ৰ
তিনিটা ট্ৰায়াডহে প্ৰস্তুত কৰিব পাৰিছিল । এই ত্ৰি মৌল শ্ৰেণী বিভাগ সকলো
ক্ষেত্ৰতে গ্ৰহণযোগ্য নাছিল ।
(ii) সেই সময়ত বৰ্তি থকা সকলো
মৌলৰ শ্ৰেণী বিভাজন কৰিব পৰা নাছিল ।
3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?
উত্তৰ:- নিউলেণ্ডছৰ
অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হ’ল-
(i) নিউলেণ্ডছৰ
অষ্টক সূত্ৰ কেৱল কেলছিয়ামলৈকে প্ৰযোজ্য আছিল । কেলছিয়াম (Ca) ৰ পিছত
প্ৰত্যেক অষ্টক মৌলৰ ধৰ্ম প্ৰথম মৌলবিধৰ ধৰ্মতকৈ পৃথক আছিল ।
(ii) নিউলেণ্ডছৰ
অষ্টক সূত্ৰমতে প্ৰকৃতিতত মাত্ৰ 56 টা মৌলহে
আছিল আৰু ভৱিষ্যতে নতুন মৌলৰ আৱিষ্কাৰৰ সম্ভাৱনা খুব ক্ষীণ বুলি ধৰি লোৱা হৈছিল ।
কিন্তু সময়ৰ লগে লগে বহু মৌলৰ আৱিষ্কাৰ হ’ল যিবোৰক সুকীয়া ধৰ্মৰ বাবে অষ্টক
নীতি অন্তৰ্ভুক্ত কৰিব পৰা নগ’ল ।
(iii) একে
স্থানতে মৌলৰ একত্ৰীকৰণ : তালিকাৰ লগত খাপ খাব পৰাকৈ একেটা
স্থানতে নিউলেণ্ডছে দুটাকৈ মৌল ৰাখিছিল । তেওঁ আনকি সাদৃশ্য নথকা মৌলকো একেটা
স্তম্ভতে ৰাখিছিল ।
উদাহৰণস্বৰূপে : ক’বাল্ট (Co) আৰু
নিকেল (Ni) ক একেটা
স্থানতে ৰখা হৈছিল । তেনেদৰে সেই একেটা স্তম্ভতে ফ্ল’ৰিন (F), ক্ল’ৰিণ (Cl) আৰু ব্ৰ’মিন (Br) ক ৰখা
হৈছিল যাৰ ধৰ্ম উক্ত মৌলসমূহতকৈ ভিন্ন আছিল ।
(iv) অনুপযুক্ত
আইৰণ : আইৰণৰ (Fe) ধৰ্ম ক’বাল্ট (Co) আৰু
নিকেল (Ni) ৰ সৈতে
একে যদিও আইৰণক এই দুটা মৌলৰ পৰা দূৰত স্থান দিয়া হৈছিল ।
Class 10 Science NCERT Textbook – Page No 85
1. মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ
অক্সাইডৰ সংকেত নিৰ্ণয় কৰা ।
K, C, Al, Si, Ba
উত্তৰ:-
চিহ্ন |
K |
C |
Al |
Si |
Ba |
|
মৌলৰ
নাম |
পটেছিয়াম |
কেলছিয়াম |
এলুমিনিয়াম |
ছিলিকন |
বেৰিয়াম |
|
বৰ্গ |
I |
IV |
III |
IV |
II |
|
অক্সাইডৰ
সাধাৰণ সংকেত |
R2O |
RO2 |
R2O3 |
RO2 |
RO |
|
মৌলৰ
অক্সাইডৰ সংকেত |
K2O |
CO2 |
Al2O3 |
SiO2 |
BaO |
ইয়াত R য়ে
বৰ্গটোৰ যিকোনো মৌলক নিৰ্দেশ কৰিছে ।
2. গেলিয়ামৰ
উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে তেওঁৰ
তালিকাত ঠাই ৰাখি থৈ গৈছিল ? ( যিকোনো দুটা )
উত্তৰ:- গেলিয়ামৰ
উপৰি যি মৌলসমূহ আৱিষ্কাৰ হোৱাৰ পূৰ্বেই মেণ্ডেলিভে
তেওঁৰ পৰ্যাবৃত্ত তালিকাত খালী স্থান ৰখা মৌল দুটা হ’ল-
(i) স্কেণ্ডিয়াম
(Sc) আৰু
(ii) জাৰ্মেনিয়াম
(Ge) ।
3. মেণ্ডেলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে
মানি চলা নীতিবোৰ(Criteria) কি কি আছিল ?
উত্তৰ:-মেণ্ডেলিভে
তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবোৰ(Criteria)হ’ল -
(i) মৌলবোৰৰ পাৰমাণৱিক ভৰ অনুযায়ী সজোৱা ।
(ii) একে ৰাখায়নিক ধৰ্ম বিশিষ্ট মৌলবোৰক একেটা বৰ্গতে
ৰখা ।
4. সম্ভ্ৰান্ত গেছবোৰক এটা
সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ?
উত্তৰ:- সম্ভ্ৰান্ত
গেছবোৰৰ বাহিৰতম কক্ষটোত 8 টাকৈ ইলেকট্ৰন থাকে । গতিকে
ৰাসয়নিকভাৱে এইবোৰ প্ৰায় নিষ্ক্ৰয় । সেয়ে ইহঁতক
একেটা বৰ্গতে ৰখা হৈছে ।
যেনে- হিলিয়াম (He), নিয়ন (Ne), আর্গন(Ar), ক্ৰিপ্টন
(Kr), জেনন (Xe) আৰু ৰেডন
(Rn) আদি ।
Class 10 Science NCERT Textbook – Page No 90
1. আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা
আঁসোৱাহবোৰ কি দৰে দূৰ কৰিছিল ?
উত্তৰ:-মৌলবোৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্ম হৈছে সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ
। এই পাৰমাণৱিক সংখ্যাৰ ওপৰতেই আধুনিক পৰ্যাবৃত্ত তালিকা আধাৰিত । এনেদৰে আধুনিক
পৰ্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আসোঁৱাহবোৰ দূৰ কৰাৰ
প্ৰক্ৰিয়াবোৰ হ’লঃ
(i) আধুনিক প্ৰৰ্যাবৃত্ত
তালিকাত সমস্থানিক (isotope) বোৰক একেটা স্থানতে ৰখা হ’ল । কাৰণ সমস্থানিকবোৰৰ ভৰ সংখ্যা
বেলেগ যদিও পৰমাণৱিক সংখ্যা একে ।
(ii) আধুনিক পৰ্যাবৃত্ত তালিকাত
একে সংখ্যাৰ যোজক ইলেকট্ৰন থকা মৌলবোৰক একেটা বৰ্গতে ৰখা হয় ।
(iii) ক’বাল্ট আৰু নিকেলৰ ভৰ সংখ্যাৰ
ক্ষেত্ৰত থকা আসোৱাহ দূৰ হ’ল । ভৰ সংখ্যা মতে ক’বাল্টৰ(Co) (পাৰমাণৱিক ভৰ 58.93) পাৰমাণৱিক সংখ্যা 27 আৰু নিকেলৰ (Ni) (পাৰমাণৱিক ভৰ 58.71) 28 কিন্তু পাৰমানৱিক ভৰৰ ক্ষেত্ৰত ক’বাল্টতকৈ নিকেলৰ কম । গতিকে নিকেলৰ
স্থান ক’বাল্টতকৈ পিছত হয় ।
2. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্ৰিয়া দেখুৱাব বুলি ভবা
দুটা মৌলৰ নাম লিখা । তোমাৰ এই বাচনিৰ ভিত্তি কি ?
উত্তৰ:- মেগনেছিয়ামৰ((Mg) ইলেক্ট্ৰ’নীয় বিন্যাস 2,8,2 অৰ্থাত ইয়াৰ যোজক কক্ষত 2 টা ইলেক্ট্ৰ’ন আছে ।
একেদৰে বেৰেলিয়ামৰ (Be) ইলেক্ট্ৰ’নীয়
বিন্যাস 2,2 আৰু কেলছিয়ামৰ ইলেক্ট্ৰ’নীয় বিন্যাস 2,8,8,2 । অৰ্থাত
ইয়াৰো যোজক কক্ষত 2 টা ইলেক্ট্ৰ’ন আছে ।
বেৰেলিয়াম আৰু কেলছিয়াম উভয়ৰে দুটাকৈ ইলেক্ট্ৰ’ন আছে গতিকে এই মৌল দুটাই মেগনেছিয়ামৰ দৰে ৰাসায়নিক
বিক্ৰিয়া দেখুৱাব ।
3. নাম লিখা ।
a) বহিৰতম কক্ষত এটাকৈ
ইলেক্ট্ৰ’ন থকা
তিনিটা মৌলৰ ।
b) বহিৰতম কক্ষত দুটাকৈ
ইলেক্ট্ৰ’ন থকা দুটা
মৌল ।
c) পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা
তিনিটা মৌল ।
উত্তৰঃ- বহিৰতম কক্ষত এটাকৈ
ইলেক্ট্ৰ’ন থকা
তিনিটা মৌল হৈছে- লিথিয়াম (Li), ছ’ডিয়াম (Na), পটাছিয়াম (K)।
b) বহিৰতম কক্ষত দুটাকৈ
ইলেক্ট্ৰ’ন থকা দুটা
মৌল ।
উত্তৰঃ- বহিৰতম কক্ষত দুটাকৈ
ইলেক্ট্ৰ’ন থকা দুটা
মৌল হৈছে- মেগনেছিয়াম (Mg), কেলছিয়াম (Ca) ।
c) পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা
তিনিটা মৌল ।
উত্তৰঃ- পৰিপূৰ্ণ বাহিৰতম কক্ষ থকা
তিনিটা মৌল হৈছে- হিলিয়াম (He), নিয়ন (Ne), আৰ্গন (Ar) ।
4. a) লিথিয়াম, ছডিয়াম, পটেছিয়াম – এই আটাইকেইটা ধাতু । ইহঁতে
পানীৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ মুক্ত কৰে । এই মৌলকেইটাৰ পৰমাণুৰ কিবা
সাদৃশ্য আছেনে ?
উত্তৰ:- লিথিয়াম, ছডিয়াম, পটেছিয়াম ধাতুৰ পৰমাণুৰ
সাদৃশ্য এয়ে যে আটাইকেইটা মৌলৰ পৰমাণুৰ বহিৰতম কক্ষত মাত্ৰ এটাকৈ ইলেক্ট্ৰ’ন আছে । গতিকে, তিনিওটা মৌলৰে যোজ্যতা 1 ।
b) হিলিয়াম এটা নিষ্ক্ৰয় গেছ
আৰু নিয়নো নিষ্ক্ৰয় গেছ । ইহঁতৰ পৰমাণুবোৰৰ মাজত কি মিল দেখা যায় ।
উত্তৰ:- হিলিয়াম He আৰু নিয়ন Ne উভয়ৰে বহিৰতম কক্ষ ইলেকট্ৰনেৰে পৰিপবৰ্ণ । সেইবাবে
পৰমাণুবোৰৰ মাজত মিল দেখা যায় ।
5. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্ৰথম দহোটা মৌলৰ
ভিতৰত কোন কেইটা ধাতু ?
উত্তৰ:-আধুনিক পৰ্য্যাবৃত্ত
তালিকাত থকা প্ৰথম দহোটা মৌলৰ ভিতৰত লিথিয়াম (Li) আৰু বেৰেলিয়াম (Be) দুটা ধাতু ।
6. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ
বেছি ধাতৱধৰ্মী হ’ব বুলি
অনুমান কৰিবা ?
Ga, Ge, As, Se, Be ।
উত্তৰ:- যিহেতু এটা পৰ্যায়ত মৌলৰ
ধাতৱীয় গুণ বাওঁ ফালৰ পৰা সোঁফাললৈ কমি আহে । গতিকে বেৰিলিয়াম (Be) আটাইতকে বেছি ধাতৱ ধৰ্মী ।
অণুশীলনী
1. পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত
বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ
প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?
(a) মৌলবোৰ
কম ধাতৱধৰ্মী হৈ পৰে ।
(b) যোজক
ইলেকট্ৰনৰ সংখ্যা বাঢ়ে ।
(c) পৰমাণুবোৰ
সিহঁতৰ যোজক ইলেক্ট্ৰ’ন অধিক সহজে হেৰুৱায় ।
(d) অক্সইডবোৰ
বেছি আম্লিক হৈ পৰে ।
উত্তৰঃ-(c)পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰ’ন অধিক সহজে হেৰুৱায় ।
2. মৌল X য়ে XCl2 সংকেত ক্ল’ৰাইড গঠন কৰে । ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ । মৌল X তলৰ
কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাততৈ বেছি ?
a. Na
b. Mg
c. Al
d. Si
উত্তৰঃ- (b) Mg
3. কোনটো মৌলৰ আছে
(a) ইলেক্ট্ৰ’ন পূৰ্ণ দুটা কক্ষ ?
উত্তৰঃ- a) নিয়ন Ne – 2.8 ।
(b) 2,
8, 2 ইলেক্ট্ৰ’নীয় বিন্যাস ?
উত্তৰঃ- মেগনেছিয়াম Mg ।
(c) যোজক
কক্ষত চাৰিটা ইলেক্ট্ৰ’নৰে সৈতে মুঠ তিনিটা কক্ষ ?
উত্তৰঃ- ছিলিকন Si – 2 . 8 . 4 ।
(d) যোজক
কক্ষত তিনিটা ইলেক্ট্ৰ’নৰে সৈতে মুঠ দুটা কক্ষ ?
উত্তৰঃ- ব’ৰন B – 2 . 3 ।
(e) দ্বিতীয়
কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰ’ন ?
উত্তৰঃ- কাৰ্বন C
– 2 . 4 ।
4. a. পৰ্যাবৃত্ত
তলিকাত ব’ৰণৰ সৈতে একেটা
স্তম্ভকে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?
উত্তৰঃ- a) পৰ্যাবৃত্ত
তালিকাত ব’ৰনৰ স্থান হ’ল – ২ য় পৰ্যায়ৰ 13 বৰ্গ । ইয়াৰ যোজক কক্ষৰ ইলেক্ট্ৰ’নৰ সংখ্যা 3 গতিকে পৰ্যাবৃত্ত তালিকাত ব’ৰনৰ লগত স্থান পোৱা মৌলসমূহৰ যোজ্যতা 3 ।
b) পৰ্যাবৃত্ত
তালিকাত ফ্ল’ৰিনৰ সৈতে একেটা
স্তম্ভকে থকা মৌলবোৰৰ কি কি সাধাৰণ ধৰ্ম আছে ?
উত্তৰঃ- পৰ্যাবৃত্ত তালিকাত ফ্ল'ৰিনৰ স্থান ২ য় পৰ্যায়ব 17 বৰ্গ । 17 বৰ্গৰ আন মৌলসমূহক একেলগে হেল’জেন পৰিয়াল বোলে । ইহঁতৰ যোজ্যতা -1 আৰু ইহঁতে আন মৌলৰ লগত আয়নীয় ৰান্ধনিৰ বান্ধ খাই হেলাইড যৌগ গঠন
কৰে ।
5. এটা
পৰমাণুৰ ইলেকট্ৰনীয় বিন্যাস হ’ল 2, 8, 7 ।
a. এই
মৌলটোৰ পৰমাণৱিক সংখ্যা কি ?
উত্তৰঃ- পাৰমাণৱিক সংখ্যা = 17 ।
b. তলৰ
মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব ? (বন্ধনীৰ ভিতৰত পাৰমাণৱিক সংখ্যাবোৰ দিয়া
হৈছে)
N(7), F(9), P(15), Ar(18)
উত্তৰঃ- F (9) ৰ লগত সাদৃশ্য থাকিব ।
6. পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ
স্থানসমূহ তলত দেখুওৱা হৈছে ।
16 বৰ্গ 17 বৰ্গ
- -
- A
- -
B C
a) মৌল A ধাতুনে
অধাতু ?
উত্তৰঃ- A অধাতু কিয়নো ই 17 বৰ্গত আছে ।
b) C মৌলক A তকৈ
বেছি সক্ৰিয়নে কম সক্ৰিয় ?
উত্তৰঃ- C মৌলটো A তকৈ কম সক্ৰিয় । (যিহেতু এটা বৰ্গত
তলৰফালে ৰাসায়নিক সক্ৰিয়তা হ্ৰাস পায়) ।
C) C মৌলটো আকাৰত B তকৈ
ডাঙৰনে সৰু ?
উত্তৰঃ- সৰু হ’ব ।(যিহেতু এটা পৰ্যায়ত বাওঁ ফালৰ পৰা
সোঁফাললৈ পাৰমাণৱিক আকাৰ কমি আহে )।
d) মৌল A কেনে
ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব ?
উত্তৰঃ- A মৌল 17 বৰ্গত আছে । ইয়াৰ যোজ্যতা -1 হ’ব । অৰ্থাৎ ই ইলেকট্ৰন গ্ৰহণ কৰি ঋণাত্মক আয়ন গঠন কৰিব অৰ্থাৎ এনায়ন গঠন হ’ব ।
7. নাইট্ৰ’জেন (পৰমাণৱিক সংখ্যা 7) আৰু
ফছফ’ৰাছ (পাৰমাণৱিক সংখ্যা 15) পৰ্যাবৃত্ত
তালিকাৰ বৰ্গ 15 ত
থাকে । এই মৌল দুটাৰ ইলেকট্ৰনীয় বিন্যাস লিখা । ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক
হ’ব আৰু কিয় ?
উত্তৰঃ- আমি জানো যে,
নাইট্ৰজেনৰ ইলেকট্ৰনীয় বিন্যাস = 2,5
ফছফ’ৰাছৰ ইলেকট্ৰনীয়
বিন্যাস = 2,8,5
নাইট্ৰজেনৰ পৰমাণুৰ আকাৰ ফছফৰাছ
পৰমাণুৰ আকাৰতকৈ সৰু । ফলস্বৰূপে ইলেক্ট্ৰ’ন গ্ৰহণ কৰাৰ প্ৰৱণতা ফছফৰাছতকৈ নাইট্ৰ’জেনৰ অধিক । ইহঁতৰ নাইট্ৰ’জেনৰ বেছি বিদ্যুৎ ঋণাত্মক হ’ব ।
8. পৰমাণু
এটাৰ ইলেকট্ৰনীয় বিন্যাস আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কি দৰে জড়িত
হৈ আছে ?
উত্তৰঃ- পৰমাণু এটাৰ ইলেকট্ৰনীয় বিন্যাস
আধুনিক পৰ্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কি দৰে জড়িত হৈ থাকে । যেনে -
(i) পৰ্যায়
সংখ্যা : এটা মৌলৰ পৰ্যায় সংখ্যা মৌলটোৰ
পৰমাণুত থকা কক্ষৰ সংখ্যাই নিৰ্ধাৰণ কৰে । একে সংখ্যক কক্ষ থকা আটাইবোৰ মৌলৰ
পৰমাণু একোটা পৰ্যায়ৰ অন্তৰ্ভুক্ত ।
(ii) বৰ্গ সংখ্যা : বিভিন্ন মৌলৰ পৰমাণু যাৰ যোজক ক্ষমতা
ইলেক্ট্ৰ’নৰ সংখ্যা একে হয় , তেনেবোৰ মৌল একেটা বৰ্গৰে অন্তৰ্ভুক্ত ।
9. আধুনিক
পৰ্যাবৃত্ত তালিকাত কেলছিয়াম (পৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰ
দ্বাৰা পৰিবেষ্টিত হৈ আছে । এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰায়ায়নিক ধৰ্মসমূহ
কেলছিয়ামৰ সৈতে মিলে ?
উত্তৰঃ- আমি জানোঁ যে,
কেলছিয়ামৰ (Ca) পৰমামৱিক সংখ্যা = 20
ইলেকট্ৰনীয় বিন্যাস = 2, 8, 8, 2
গতিকে ইয়াৰ যোজক ইলেকট্ৰনৰ সংখ্যা = 2
যোজ্যতা = 2
গতিকে ওপৰত উল্লেখিত যি মৌলৰ যোজক
ইলেকট্ৰনৰ সংখ্যা 2 হ’ব, সিয়ে কেলছিয়ামৰ Ca ৰ লগত মিলিব ।
পাৰমাণৱিক
সংখ্যা |
ইলেক্ট্ৰ’নীয় বিন্যাস |
যোজক
ইলেক্ট্ৰ’ন |
12 |
2,8,2 |
2 |
19 |
2,8,8,1 |
1 |
21 |
2,8,8,3 |
3 |
38 |
2,8,18,8,2 |
2 |
গতিকে দেখা গ’ল 12 আৰু 38 পাৰমাণৱিক সংখ্যা যুক্ত মৌলৰ ৰাসয়নিক
আৰু ভৌতিক ধৰ্মসমূহ কেলছিয়ামৰ Ca ৰ লগত মিলে ।
10. মেণ্ডেলিৰ
পৰ্যাবৃত্ত তালিকা আৰু আধুনিক পৰ্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন (arrangement) ৰ তুলনা কৰা ।
উত্তৰঃ-
মেণ্ডেলিভৰ
পৰ্যাবৃত্ত তালিকা |
আধুনিক পৰ্যাবৃত্ত
তালিকা |
(i) পাৰমাণৱিক ভৰৰ উৰ্ধ্বক্ৰমত মৌলসমূহ
তালিকাবদ্ধ কৰা হৈছে । (ii) মৌলৰ সমস্থানিকক সঠিক স্থান দিয়া
হোৱা নাই । (iii) কিছুক্ষেত্ৰত অধিক পাৰমাণৱিক
ভৰসম্পন্ন মৌল এটাক কম ভৰসম্পন্ন মৌল এটাতকৈ আগত স্থান দিয়া হয় । (iv) 8 টা স্তম্ভ আছে যাক বৰ্গ বোলা হয় । (v) বহুতো ধাতু আৰু অধাতু একেটা বৰ্গতে ৰখা হৈছে । (vi) মেণ্ডেলিভৰ সময়ত সম্ভান্ত্ৰ গেছৰ আৱিষ্কাৰ হোৱা নাছিল । (vii) হাইড্ৰ’জেনৰ স্থান স্পষ্ট নাছিল । |
(i) পাৰমাণৱিক সংখ্যাৰ উৰ্ধ্বক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰা হৈছে । (ii) পাৰমাণৱিক সংখ্যা একে হোৱা হেতুকে
এটা মৌলৰ সমস্থানিকসমূহক একেটা স্থানতে ৰখা হৈছে । (iii) ) পাৰমাণৱিক সংখ্যাৰ উৰ্ধ্বক্ৰমত মৌলসমূহ তালিকাবদ্ধ কৰাৰ ফলত এনে
আসোঁৱাহ দূৰ হয় । (iv) 18 টা স্তম্ভ আছে যাক বৰ্গ বোলা হয় । (v) ধাতু আৰু অধাতু পৃথক কৰা হৈছে । (vi) সম্ভান্ত্ৰ গেছক পৃথক বৰ্গত ৰখা
হৈছে ।(বৰ্গ 18) (vii) ক্ষাৰ ধাতুৰ ওপৰত হাইড্ৰ’জেনক ৰখা হৈছে । |
Published by Lokesh Das
***********